দেশত কোৰোণাৰ বাঢ়ি অহা ঘটনাৰ মাজতে কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে সাৱধানতা অৱলম্বন কৰাৰ সন্দৰ্ভত সকলো ৰাজ্যলৈ এখন পত্ৰ লিখিছে। এই পত্ৰখনৰ জৰিয়তে কেন্দ্ৰই উদ্বেগ প্ৰকাশ কৰিছে আৰু স্পষ্টকৈ কৈছে যে যোৱা দুসপ্তাহৰ ভিতৰত, ৭ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত কোৰোণাৰ সংক্ৰমণৰ ঘটনা বৃদ্ধি পাইছে। এনে পৰিস্থিতিত শিথিল হোৱাৰ কোনো প্ৰয়োজন নাই।
বিগত ২৪ ঘণ্টাত দিল্লীত কোৰোণাৰ ৬২২টা নতুন সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে। আনহাতে মহাৰাষ্ট্ৰত ২,৮১৩ টা নতুন কোভিড কেছ নথিভুক্ত কৰা হৈছে। আজি, দেশত ৯০ দিনৰ পিছত এদিনতে ৭ হাজাৰৰো অধিক কোৰোণা ভাইৰাছৰ ঘটনা নথিভুক্ত হৈছে। যি প্ৰায় ৩৯ শতাংশ অধিক।
চিঠিত ৰাজেশ ভূষণে লিখিছে যে,
- যোৱা দুসপ্তাহ ধৰি কোৰোণাৰ দ্ৰুত সংক্ৰমণ দেখিবলৈ পোৱা গৈছে। গতিকে কেন্দ্ৰীয় শাসিত অঞ্চল আৰু ৰাজ্যসমূহে সুৰক্ষাৰ ক্ষেত্ৰত ক্ৰুতি কৰিব নালাগে।
- মহামাৰীৰ পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনাৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে এতিয়ালৈকে কৰা অগ্ৰগতিৰ ওপৰত কাম কৰি যাওক।
- ৰাজ্যসমূহে আন্তৰ্জাতিক ট্ৰেভেলাৰৰ নিৰীক্ষণৰ লগতে জিনম অনুক্ৰমৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিব লাগে। স্থানীয় গোটবোৰো চিনাক্ত কৰিব লাগে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|