মুখ্যপৃষ্ঠা »খবৰ »দেশ »Covid 19 Cases : চীনত পুনৰ ভয়ংকৰ ৰূপ লৈছে কোভিডে, ভাৰতলৈও উভতিব নেকি কোৰোণা? জানক ICMR Epidemiologistৰ অনুমান

Covid 19 Cases : চীনত পুনৰ ভয়ংকৰ ৰূপ লৈছে কোভিডে, ভাৰতলৈও উভতিব নেকি কোৰোণা? জানক ICMR Epidemiologistৰ অনুমান

বিশেষজ্ঞসকলৰ অনুমান, আগন্তুক ৯০ দিনত দেশখনৰ ৬০ শতাংশ লোক সংক্ৰমিত হোৱাৰ সম্ভাৱনা আছে। ICMRৰ মহামাৰী বিশেষজ্ঞ ডাঃ সমীৰন পাণ্ডাই এই সন্দৰ্ভত নিজৰ অনুমান ব্যক্ত কৰিছে।

  • Share this:
চীনত কোৰোণা দ্ৰুতগতিত বৃদ্ধি পাইছে। বিশেষজ্ঞসকলৰ অনুমান, আগন্তুক ৯০ দিনত দেশখনৰ ৬০ শতাংশ লোক সংক্ৰমিত হোৱাৰ সম্ভাৱনা আছে। ICMRৰ মহামাৰী বিশেষজ্ঞ ডাঃ সমীৰন পাণ্ডাই এই সন্দৰ্ভত নিজৰ অনুমান ব্যক্ত কৰিছে। চীনত বৰ্তমান কি হৈ আছে আৰু ভৱিষ্যতে কি হ’ব পাৰে সেই সম্পৰ্কে সেই সন্দৰ্ভত ইণ্ডিয়ান কাউন্সিল অব মেডিকেল ৰিছাৰ্চৰ বিশেষজ্ঞ ডাঃ সমীৰন পাণ্ডাই এক সাক্ষাৎকাৰত ফাৰ্ষ্টপ’ষ্টৰ নিজৰ মত প্ৰকাশ কৰিছে।

চীনত কোভিডৰ বৰ্ধিত সংখ্যাই ভাৰততো প্ৰভাৱ পেলাব নেকি? এই প্ৰশ্নৰ উত্তৰত ডাঃ পাণ্ডাই কয় যে জনসংখ্যাৰ ক্ষেত্ৰত সকলো দেশ এখন আনখনতকৈ পৃথক। ২০২০ত যি হ’ল, তাৰ পুনৰাবৃত্তি নহয়, কিয়নো এতিয়া আমি জানো যে ভাইৰাছে কেনে আচৰণ কৰে। মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কেনেকুৱা হয় আৰু টিকাকৰণৰ পৰিসৰ কি। সেইবাবে, এনেকুৱা নহয় যে এখন দেশত বৃদ্ধি পালেই আন দেশৰ ওপৰতো প্ৰভাৱ পৰিব।

ভাৰতত ভৱিষ্যতে কোৰোণাৰ সংখ্যা বৃদ্ধি হোৱা দেখা যাব পাৰে নেকি বুলি সোধা প্ৰশ্নত তেওঁ কয় যে কেৱল INSACOGৰ দৰে প্লেটফৰ্মৰ ডাটাৰ ওপৰত নিৰ্ভৰ কৰে। কিন্তু, এয়া মানি লোৱাটো ভুল হ’ব যে চীনত যি ঘটিছে, সেয়া ভাৰততো ঘটিব।

উল্লেখযোগ্য যে জাপান, দক্ষিণ কোৰিয়া, ব্ৰাজিল, চীন আৰু আমেৰিকাত কোভিড–১৯ৰ ঘটনা শেহতীয়াকৈ বৃদ্ধি পোৱাৰ মাজতে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডভিয়াই আজি মহামাৰীৰ স্থিতিৰ সমীক্ষা কৰিছে। আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ বিশ্লেষণ কৰি কোভিড–১৯ৰ স্থিতিৰ সমীক্ষা কৰিছে। ইয়াৰ পূৰ্বে মঙলবাৰে স্বাস্থ্য মন্ত্ৰণালয়ে সকলো ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ পৰা ভাইৰাছৰ নতুন স্বৰূপৰ ওপৰত নজৰ ৰাখি সংক্ৰমিত পোৱা নমুনাৰ জিন’ম সূচীভুক্ত কৰাৰ আঙ্বান জনায়।

শেহতীয়া বাতৰি