কোৰোণা ভাইৰাছৰ সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ অন্যতম প্ৰয়োজন ভেকচিন গ্ৰহণ। দেশজুৰি এতিয়া চলি আছে কোৰোণাৰ বিৰুদ্ধে যুদ্ধ। এই মুহূৰ্তত দেশত নতুনকৈ চিন্তা বঢ়াইছে কোৰোণা ভাইৰাছৰ দুই ষ্ট্ৰেইন ডেল্টা আৰু ডেল্টা প্লাছে। সম্প্ৰতি কোৰোণাৰ এইধৰণৰ ষ্ট্ৰেইনৰ বিৰুদ্ধে কোনটো ভেকচিন সঁচৰাচৰ অধিক কাৰ্যকৰী, তাকে লৈ গৱেষণা চলাইছিল ইণ্ডিয়ান কাউঞ্চিল অব মেডিকেল ৰিচাৰ্চে। সেই গৱেষণাই দাবী কৰিছে যে, টিকাৰ ককটেল বা মিশ্ৰণ কোৰোণাৰ সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ অধিক কৰ্যকৰী।
যোৱা মে-জুন মাহত উত্তৰপ্ৰদেশত এই গৱেষণা চলাইছিল ICMR-এ। এই গৱেষণাত দেখা গৈছিল যে, কোভাক্সিন আৰু কোভিশ্বিল্ডৰ মিশ্ৰ টিকাই অধিক ভাল ফল দেখুৱাইছে। এই মিশ্ৰন কেৱল মাত্ৰ নিৰাপদেই নহয়, ই কোৰোণাৰ বিৰুদ্ধে অধিক পৰিমাণে কাৰ্যকৰী। দেশৰ বিভিন্ন ঠাইত ভেকচিনৰ অভাৱত বা ভুলবশতঃ দুয়োটা ভেকচিনৰ ডোজ এজন ব্যক্তিৰ দেহত দিয়াৰ অভিযোগ উত্থাপিত হৈছিল। কিন্তু এতিয়া এই মিশ্ৰিত ভেকচিন ক্ষতিৰ পৰিৱৰতে দেহৰ বাবে অধিক কাৰ্যকৰী বুলি দাবী কৰিছে ICMR-এ।
Study on mixing & matching of COVID vaccines, Covaxin&Covishield shows better result: ICMR
Immunization with combination of an adenovirus vector platform-based vaccine followed by inactivated whole virus vaccine was not only safe but also elicited better immunogenicity: Study pic.twitter.com/wDVZ6Q2TvU