உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • Shocking News : সংগী অসুস্থ, চৰম অর্থাভাব, আৰক্ষীক ই-মেইল কৰি কৰুণ মৃত্যুক সাৱটিলে দম্পতীয়ে

    Shocking News : সংগী অসুস্থ, চৰম অর্থাভাব, আৰক্ষীক ই-মেইল কৰি কৰুণ মৃত্যুক সাৱটিলে দম্পতীয়ে

    আৰক্ষীয়ে বুধবাৰে পুৱা প্ৰায় ৯ বজাত ফ্লেটটোৰ পৰা মৃতদেহ দুটা উদ্ধাৰ কৰে।

    আৰক্ষীয়ে বুধবাৰে পুৱা প্ৰায় ৯ বজাত ফ্লেটটোৰ পৰা মৃতদেহ দুটা উদ্ধাৰ কৰে।

    আৰক্ষীয়ে বুধবাৰে পুৱা প্ৰায় ৯ বজাত ফ্লেটটোৰ পৰা মৃতদেহ দুটা উদ্ধাৰ কৰে।

    • Share this:
    হঠাতে আৰক্ষীয়ে পালে এটা ই-মেইল। তাত লিখা আছিল যে এটা দম্পতীয়ে আত্মহত্যাৰ সিদ্ধান্ত লৈছে আৰু এই কাম তেওঁলোকে কৰিবলৈ গৈ আছে।

    মেইলত দিয়া ঠকনা অনুসৰি আৰক্ষীয়ে ঘটনাৰ পম খেদে। আৰু দম্পতীটোৰ মৃতদেহ উদ্ধাৰ কৰে।

    এই কৰুণ ঘটনা কলকাতাৰ ব্ৰহ্মপুৰ বাঁশড্ৰনিত (Bansdroni) সংঘটিত হৈছে। দম্পতীটোৱে অঞ্চলটোৰ বিভিন্ন অঞ্চলত ভাড়াত বাস কৰিছিল। তেওঁলোকক ৰিয়া সৰকাৰ আৰু হৃষীকেশ পাল বুলি চিনাক্ত কৰা হৈছে।

    সূত্ৰ অনুসৰি, দুয়োজনে তেওঁলোকৰ বন্ধুবৰ্গকো নিশা মোবাইলেৰে হোৱাটছএপত আত্মহত্যা কৰাৰ পৰিকল্পনাৰ বিষয়ে কৈছিল।

    স্থানীয় লোকৰ মতে, যুৱকজন বেছ কিছু সময় ধৰি অসুস্থ হৈ আছিল। তেওঁ তেওঁৰ চিকিৎসাৰ বাবে ঋণ লৈছিল। কিন্তু ঋণ বৃদ্ধি হৈ গৈ আছিল আৰু ৰোগ কমা নাছিল। শেষত সেই পথকে দম্পতীটোৱে লয়। সেই বিষয়ে ই-মেইল কৰি আৰক্ষীক জনায় (suicidal couple emailed to police)।

    আৰক্ষীয়ে বুধবাৰে পুৱা প্ৰায় ৯ বজাত ফ্লেটটোৰ পৰা মৃতদেহ দুটা উদ্ধাৰ কৰে। আৰক্ষীয়ে দুৱাৰ খুলি কোঠাটোত প্ৰৱেশ কৰি দুয়োকে বিছনাত শুই থকা দেখিছিল। আৰক্ষীৰ মতে, তেওঁলোকে কিবা খাই আত্মহত্যা কৰিছিল।

    ঘটনাস্থলীত এটা চুইচাইড নোটো পোৱা গৈছিল। আৰক্ষীৰ সূত্ৰ অনুসৰি, হৃষীকেশ পাল আৰু ৰিয়া সৰকাৰ লিভ-ইন সম্পৰ্কত আছিল।
    Published by:Gautam Barman
    First published: