உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • সংগী অসুস্থ, চৰম অৰ্থ সংকট, আৰক্ষীলৈ ই–মেইল কৰি আত্মঘাতী যুৱক–যুৱতীৰ

    সংগী অসুস্থ, চৰম অৰ্থ সংকট, আৰক্ষীলৈ ই–মেইল কৰি আত্মঘাতী যুৱক–যুৱতীৰ

    ঘটনাস্থলীৰ পৰা এখন ছুইচাইড নোটো উদ্ধাৰ কৰিছে আৰক্ষীয়ে। আৰক্ষী সূত্ৰে জনা গৈছে, দুয়ো লিভইনত আছিল।

    ঘটনাস্থলীৰ পৰা এখন ছুইচাইড নোটো উদ্ধাৰ কৰিছে আৰক্ষীয়ে। আৰক্ষী সূত্ৰে জনা গৈছে, দুয়ো লিভইনত আছিল।

    ঘটনাস্থলীৰ পৰা এখন ছুইচাইড নোটো উদ্ধাৰ কৰিছে আৰক্ষীয়ে। আৰক্ষী সূত্ৰে জনা গৈছে, দুয়ো লিভইনত আছিল।

    • Share this:
    মঙলবাৰে নিশা পশ্চিম বংগৰ বাশদ্ৰোণীৰ ষ্ট্ৰিম লনড্ৰি মোৰেৰ সমীপৰ এটা ফ্লেটৰ পৰা এহাল যুৱক–যুৱতীৰ মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে। দুয়ো সেই অঞ্চলত ভাড়াতীয়া হিচাপে আছিল। তেওঁলোক লিভইনত আছিল বুলি আৰক্ষীৰ সূত্ৰে প্ৰকাশ। যুৱক–যুৱতীহালৰ নাম ৰিয়া সৰকাৰ আৰু হৃষিকেশ পাল।

    দুয়ো নিশা বন্ধুবৰ্গৰ ম’বাইলৰ হোৱাট্ছএপত আত্মহত্যা কৰাৰ পৰিকল্পনাৰ কথা জনায়। তাৰ পিছত লালবজাৰ আৰক্ষীলৈ এখন মেইল কৰি সেই কথা প্ৰকাশ কৰে। তাৰ পিছতে দুয়ো চৰম সিদ্ধান্ত লয় বুলি আৰক্ষীৰ অনুমান।

    স্থানীয় সূত্ৰ অনুসৰি, যুৱকজন কিছুদিন ধৰি অসুস্থ হৈ আছিল। তেওঁৰ চিকিৎসাৰ নামত বহু টকা ধাৰ হৈছিল। সেইবোৰ কাৰণতে এই সিদ্ধান্ত লোৱাৰ সন্দেহ কৰা হৈছে। আৰক্ষীয়ে বুধবাৰে পুৱা ৯ বজাত ফ্লেটৰ দুৱাৰ খুলি দুয়োৰে মৃতদেহ উদ্ধাৰ কৰে। আৰক্ষীয়ে দুৱাৰ খুলি বিছনাত পৰি থকা অৱস্থাত দুয়োৰে মৃতদেহ উদ্ধাৰ কৰে। অনুমান কৰা হৈছে, বিষাক্ত কিবা খাই আত্মহত্যা কৰিছে দুয়ো।

    ঘটনাস্থলীৰ পৰা এখন ছুইচাইড নোটো উদ্ধাৰ কৰিছে আৰক্ষীয়ে। আৰক্ষী সূত্ৰে জনা গৈছে, দুয়ো লিভইনত আছিল। মঙলবাৰে তেওঁলোকে আৰক্ষীক ই–মেইল কৰি আত্মহত্যাৰ ইচ্ছা প্ৰকাশ কৰে। ই–মেইল পাই ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী। কিন্তু তাৰ পূৰ্বেই হৃষিকেশ আৰু ৰিয়াৰ মৃত্যু হয়। আৰক্ষীৰ দাবী, তেওঁলোকে টোপনিৰ ঔষধ খাই আত্মহত্যা কৰিছে। আৰক্ষীৰ দাবী, তেওঁলোকে নিজৰ পৰিচিত লোকসকলকো এই সিদ্ধান্তৰ কথা জনাইছিল।
    Published by:Sanjay Kumar Das
    First published: