ফাকুৱা খেলি হাত-ভৰি ধুবলৈ বাথৰুমত সোমাই এটা নৱদম্পতী। কিন্তু বহু সময় ধৰি বাহিৰলৈ ওলাই নহাত পৰিয়ালে প্ৰত্যক্ষ কৰে অচেতন অৱস্থাত পৰি থকা। ফাকুৱা খেলি হাত-ভৰি ধুবলৈ গৈ বাথৰুমত মৃত্যুক আঁকোৱালি লোৱা নৱদম্পতীটোৰ বাতৰিয়ে শোকাকুল পৰিৱেশৰ সৃষ্টি কৰে হাৰিয়ানাত (Haryana)।
হাৰিয়ানাৰ কৰ্ণালৰ ঘাৰাউণ্ডাৰ বাথৰুমত শ্বাসৰুদ্ধ হৈ মৃত্যুমুখত পৰে দম্পতীটো (couple dies of suffocation)। মৃত্যুমুখত পৰা গৌৰৱ আৰু শিল্পাই মাত্ৰ চাৰি মাহ আগতে বিবাহপাশত আৱদ্ধ হৈছিল। শুকুৰবাৰে হোলী উৎসৱ উদযাপন কৰাৰ পিছত তেওঁলোক বাথৰুমলৈ যায় আৰু গেছ লিক হোৱাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়।
ঘটনা সন্দৰ্ভত পৰিয়ালৰ এজন সদস্যই কয় যে তেওঁলোক বাথৰুমত অচেতন অৱস্থাত পৰি আছিল। চিকিৎসালয়ৈ দুয়োকে লৈ যোৱা হৈছিল যদিও দুয়োকে মৃত বুলি ঘোষণা কৰে।
আৰক্ষীয়ে প্ৰকাশ কৰা মতে বাথৰুমত এটা গেছ গিজাৰ আছিল। হোলী উৎসৱ উদযাপন কৰাৰ পিছত প্ৰায় ১ বজাত তেওঁলোক দুয়োজনে হাত আৰু মুখ ধুই আছিল। কিন্তু গিজাৰ গেছৰ বাবে তেওঁলোক শ্বাসৰুদ্ধ হয় আৰু অচেতন হৈ পৰে। পানীৰ মটৰটো বেছি সময় চলি থকা বাবে মাকে সন্দেহবশত চাবলৈ যাওঁতে দুয়োকে বাথৰুমত অচেতন অৱস্থাত পায়।
আৰক্ষীয়ে দুৰ্ঘটনাৰ কাৰণ গেছ গিজাৰ লিকেজ বুলি প্ৰকাশ কৰিছে। উল্লেখ্য, এই ঘটনাই হাৰিয়ানাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে।
Published by: Gautam Barman
FIRST PUBLISHED : March 19, 2022, 22:33 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।