দুই সন্তানক বিহ খুৱাই পিতৃ–মাতৃৰ আত্মহত্যা, ক’ত এই চাঞ্চল্যকৰ ঘটনা?

মৃতদেহৰ কাষতে উদ্ধাৰ হৈছে এখন ছুইচাইড নোট।

News18-Assam
Updated:October 31, 2019, 9:20 AM IST
দুই সন্তানক বিহ খুৱাই পিতৃ–মাতৃৰ আত্মহত্যা, ক’ত এই চাঞ্চল্যকৰ ঘটনা?
মৃতদেহৰ কাষতে উদ্ধাৰ হৈছে এখন ছুইচাইড নোট।
News18-Assam
Updated: October 31, 2019, 9:20 AM IST
উত্তৰ প্ৰদেশৰ কেণ্ট থানাৰ অন্তৰ্গত হুকুলগঞ্জত বুধবাৰে সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। দুই সন্তানক বিহ খুৱাই হত্যা কৰি চিপ লৈ আত্মহত্যা কৰে এহাল দম্পতীয়ে। মৃত দম্পতীৰ নাম কিষাণ গুপ্তা আৰু নিলম। আনহাতে, মৃত দুই সন্তান ক্ৰমে ৫ বছৰীয়া শিখা আৰু ৬ বছৰীয়া উজ্জ্বল।

আৰক্ষীয়ে জনোৱা অনুসৰি, হুকুলগঞ্জৰ বাসিন্দা তথা মম’ ব্যৱসায়ী কিষাণ গুপ্তা বেমাৰত ভুগি হতাশ হৈ এই কাৰ্য সংঘটিত কৰে। দুই সন্তানক বিহ খুৱাই আত্মহত্যা কৰে স্বামী–স্ত্ৰীয়ে। মৃতদেহৰ কাষতে উদ্ধাৰ হৈছে এখন ছুইচাইড নোট। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।

কিষাণৰ পিতৃয়ে জনোৱা অনুসৰি, ভগ্নীৰ বিয়াত বহু টকাৰ ধাৰ হৈছিল, যাক লৈ চিন্তাত পৰিছিল কিষাণ। আনহাতে, কিষাণৰ ভাতৃয়েও অত্যধিক ধাৰৰ বোজাৰ বাবেই আত্মহত্যা কৰা বুলি মন্তব্য কৰিছে।


NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক পৰৱৰ্তী বাতৰি