দুয়োকে দেখি হতভম্ব হৈ পৰে প্ৰত্যক্ষদৰ্শীসকল। কাৰণ দুয়োৰে শৰীৰত দপদপকৈ জ্বলিছে জুই।
বুধবাৰৰ বিয়লিৰ ঘটনা। কলকাতাৰ নিউ টাউনৰ ঘূণি অঞ্চলত হঠাৎ এগৰাকী মহিলাৰ চিৎকাৰ শুনি চমক খাই উঠিল স্থানীয় লোক। মহিলাগৰাকীৰ পিছে পিছে ঘৰৰ পৰা ওলাই আহিছে এজন লোক। দুয়োকে দেখি হতভম্ব হৈ পৰে প্ৰত্যক্ষদৰ্শীসকল। কাৰণ দুয়োৰে শৰীৰত দপদপকৈ জ্বলিছে জুই।
বুধবাৰে এনে এক লোমহৰ্ষক ঘটনাৰে সাক্ষী হ’ল নিউ টাউনৰ ইকো পাৰ্ক থানাৰ অন্তৰ্গত ঘূণি অঞ্চল। অগ্নিদগ্ধ দুয়ো স্বামী–স্ত্ৰী। স্থানীয় লোকে জুই নুমুৱাই দুয়োকে আৰজি কৰ হাস্পতালত ভৰ্তি কৰা। বৰ্তমান চিকিৎসাধীন দম্পতীহাল।
জানিব পৰা মতে, অগ্নিদগ্ধ দম্পতীৰ নাম ছাকিলা ছুলতানা আৰু স্বামীৰ নাম গোলাম মোৰ্তাজা। ঘূণি অঞ্চলৰ এটা অট্টালিকাৰ তৃতীয় মহলাত বিগত চাৰি বছৰ ধৰি ভাৰাতীয়া হিচাপে আছে। স্থানীয় লোকে জনাইছে, বুধবাৰে বিয়লি ঘৰত ৰন্ধা–বঢ়া কৰিছিল ছাকিলাই। তেতিয়াই তেওঁৰ দেহত জুই লাগি যায়।
ইফালে, পত্নীক বচাবলৈ যোৱা স্বামীৰ দেহতো জুয়ে আৱৰি ধৰে। প্ৰাণ ৰক্ষা কৰিবলৈ দুয়ো চিঞৰি চিঞৰি ৰাজপথলৈ ওলাই আহে। প্ৰথমে স্থানীয় লোকসকলে কি কৰিব ধৰিব পৰা নাছিল। তাৰ পিছত জুই নুমুৱাই দম্পতীহালক হাস্পতালত ভৰ্তি কৰোৱায়। খবৰ দিয়া হয় আৰক্ষীক। হাস্পতাল সূত্ৰই প্ৰকাশ কৰা অনুসৰি, দম্পতীহালৰ অৱস্থা সংকটজনক। শৰীৰৰ অধিকাংশই জ্বলি গৈছে জুইত।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|