দেশত কোৰোণা ভাইৰাছৰ সংক্ৰমণৰ ঘটনা কিছু হ্ৰাস হোৱা পৰিলক্ষিত হৈছে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ তথ্য মতে, বিগত ২৪ ঘণ্টাত ১০ হাজাৰ ৪২৩জন আক্ৰান্ত হৈছে এই মহামাৰীত। ৪৪৩জন লোকৰ মৃত্যু হৈছে বিগত ২৪ ঘণ্টাত।
আনহাতে, বিগত ২৪ ঘণ্টাত দেশত সুস্থ হৈ উঠিছে ১৫ হাজাৰ ২১জন লোক। মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, বৰ্তমান ১ লাখ ৫৩ হাজাৰ ৭৭৬জন লোক আক্ৰান্ত হৈ আছে কোৰোণাত। আনহাতে, ৪ লাখ ৫৮ হাজাৰ ৮৮০জন লোকৰ মৃত্যু হৈছে এই মহামাৰীত। এতিয়ালৈ দেশত ৩ কোটি ৩৬ লাখ ৮৩ হাজাৰ ৫৮১জন লোকে কোৰোণাক জয় কৰিছে। দেশত এতিয়ালৈ সৰ্বমুঠ ৩ কোটি ৪২ লাখ ৯৬ হাজাৰ ২৩৭জন লোক আক্ৰান্ত হৈছে।