Coronavirus Vaccination Drive- প্ৰধানমন্ত্ৰীয়ে ক'লে, 'অপপ্ৰচাৰক গুৰুত্ব নিদিব, কোৰোণা ভেকচিন অতি জৰুৰী'

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিক ভাবে মুকলি কৰিলে কোৰোণা ভাইৰাছৰ ভেকচিনেশ্যন প্ৰক্ৰিয়া।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিক ভাবে মুকলি কৰিলে কোৰোণা ভাইৰাছৰ ভেকচিনেশ্যন প্ৰক্ৰিয়া।
- News18 Assam
- Last Updated: January 16, 2021, 11:40 AM IST
ভেচকিনৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, 'কোৰোণাৰ ভেকচিনে আমাক জয় কৰাব। কোনো ধৰণৰ অপপ্ৰচাৰক গুৰুত্ব নিদিব। আমাৰ বিজ্ঞানী আৰু বিশেষজ্ঞসকল যেতিয়া মেড ইন ইণ্ডিয়া ভেকচিনৰ সুৰক্ষা আৰু প্ৰভাৱৰ সন্দৰ্ভত আশ্বস্ত হ'ল, তেতিয়াহে কোৰোণাৰ ভেকচিন প্ৰয়োগ কৰিবলৈ অনুমতি দিয়া হৈছে। সেয়েহে দেশবাসীয়ে কোনো ধৰণৰ অপবাদ, অপপ্ৰচাৰক গুৰুত্ব দিব নালাগে।কোৰোণাৰ ভেকচিন আমাৰ বাবে অতি জৰুৰী। কিন্তু ভেকচিন গ্ৰহণৰ পিছতো সাবধান হ'ব লাগিব। তেতিয়াহে জয় আমাৰ হ'ব।'
প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, 'জনতা কাৰ্ফিউ, কোৰোণাৰ বিৰুদ্ধে আমাৰ সমাজৰ সংযম আৰু অনুশাসনৰো পৰীক্ষণ আছিল। য'ত আমি সফল হৈছো। জনতা কাৰ্ফিউৱে দেশবাসীক মনোবিজ্ঞানীক ৰূপত ল'কডাউনৰ বাবে প্ৰস্তুত কৰিলে।
টিকাকৰণৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে স্বাস্থ্যকৰ্মীক উদ্দেশ্যি কয় যে, 'আমাৰ স্বাস্থ্য কৰ্মীয়ে নিজৰ পৰিয়ালৰ পৰা দূৰৈত থাকিল। বহুদিন ধৰি ঘৰলৈ উভতি নাহিল। জনতাৰ সেৱাত নিজৰ জীৱন উচৰ্গা কৰিবলৈও সম্পূৰ্ণ প্ৰস্তুত আছিল।'