உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • Covid Cases in Delhi: আজি দিল্লীত পুনৰ সংক্ৰমণ ১০৮৩ গৰাকী; উৎসৱৰ আগে আগে ৰাষ্ট্ৰক সতৰ্ক কৰি দিছে প্ৰধানমন্ত্ৰী মোদীয়ে

    Covid Cases in Delhi: আজি দিল্লীত পুনৰ সংক্ৰমণ ১০৮৩ গৰাকী; উৎসৱৰ আগে আগে ৰাষ্ট্ৰক সতৰ্ক কৰি দিছে প্ৰধানমন্ত্ৰী মোদীয়ে

    File Photo

    File Photo

    Covid Cases in Delhi: শেহতীয়াকৈ ৰাজধানী দিল্লীত মাস্ক (Mask) পিন্ধাটো পুনৰ বাধ্যতামূলক কৰা হৈছে। অন্যথা ৫০০ টকা জৰিমনা বিহা হ'ব বুলি চৰকাৰে জাননী জাৰি কৰিছে।

    • Share this:
    প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (Narendra Modi)য়ে বুধবাৰে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে দেশৰ বৰ্দিত কোভিড-১৯ (COVID-19) পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰীসকলৰ সৈতে এখন বৈঠক আয়োজন কৰিছে বুলি চৰকাৰী সূত্ৰই শনিবাৰে জানিবলৈ দিছে। কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে বিষয়টোৰ ওপৰত এক প্ৰেজেণ্টেচনো আগবঢ়াব, সূত্ৰটোৱে কয়।

    শনিবাৰে ২৫২৭টা সংক্ৰমণৰ সৈতে ভাৰতত বৰ্তমান সক্ৰিয় কোভিড ৰোগীৰ সংখ্যা ১৫০৭৯ গৰাকীলৈ বৃদ্ধি হৈছে।

    ইয়াৰ মাজতে ৰাজধানী দিল্লীত কোৰোণাৰ (Covid Cases in Delhi) সংক্ৰমণ শনিবাৰে পুনৰ বৃদ্ধি হৈছে। শনিবাৰে দিল্লীত ১০৮৩ গৰাকী লোক নতুনকৈ কোৰোণাত আক্ৰান্ত হৈছে। ফেব্ৰুৱাৰীৰ ১০ তাৰিখৰ পিছত এইয়া এদিনত সৰ্বাধিক সংক্ৰমণৰ ঘটনা। শনিবাৰে দিল্লীত সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৩৭০৫গৰাকী।

    শেহতীয়াকৈ ৰাজধানী দিল্লীত মাস্ক (Mask) পিন্ধাটো পুনৰ বাধ্যতামূলক কৰা হৈছে। অন্যথা ৫০০ টকা জৰিমনা বিহা হ'ব বুলি চৰকাৰে জাননী জাৰি কৰিছে। উল্লেখ্য যে কোভিড সংক্ৰমণ কমালৈ চাই যোৱা ১২ এপ্ৰিলত মাস্ক পিন্ধাটো বাধ্যতামূলক নহয় বুলি দিল্লী চৰকাৰে নিৰ্দেশ দিছিল।
    Published by:Manjumoni Borah
    First published: