শনিবাৰে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীয়ে জনাইছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশে কোভিড–১৯ মহামাৰীৰ বিৰুদ্ধে যুঁজত সফলভাৱে নেতৃত্ব দিছে।
শনিবাৰে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীয়ে জনাইছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশে কোভিড–১৯ মহামাৰীৰ বিৰুদ্ধে যুঁজত সফলভাৱে নেতৃত্ব দিছে।
বিগত ২৪ ঘণ্টাত ভাৰতত ১১,৭৩৯জন লোক আক্ৰান্ত হৈছে কোভিডত। কোৰোণাত আক্ৰান্ত হৈ মৃত্যু হৈছে ২৫জনৰ। বৰ্তমান দেশত সক্ৰিয় ৰোগীৰ সংখ্যা ৯২,৫৭৬জন। ভাৰতত টিকাকৰণ অভিযানৰ অধীনত ১৯৭ কোটিৰো অধিক ভেকচিনৰ ড’জ প্ৰদান কৰা হৈছে। শনিবাৰে ১১ লাখৰো অধিক ভেকচিনৰ ড’জ প্ৰদান কৰা হৈছে।
আনহাতে, শনিবাৰে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীয়ে জনাইছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশে কোভিড–১৯ মহামাৰীৰ বিৰুদ্ধে যুঁজত সফলভাৱে নেতৃত্ব দিছে। তেওঁ কয়, ‘‘দেশে জনস্বাস্থ্য সমস্যা মোকাবিলাৰ বাবে এক শক্তিশালী প্ৰক্ৰিয়া তৈয়াৰ কৰিছে। মহামাৰী ব্যৱস্থাপনাত দেশ সফল।’’
ভাৰতত বৰ্তমান কোৰোণাত আক্ৰান্ত হৈ মৃত্যুৰ সংখ্যা হৈছে ৫,২৪,৯৭৪জনৰ। সক্ৰিয় সংক্ৰমণ মুঠ সংক্ৰমণৰ ০.১৯ শতাংশ। কোভিড–১৯ৰ পৰা সুস্থ হৈ উঠাৰ হাৰ ৯৮.৬০ শতাংশ। আনহাতে, দেশত কোভিডৰ পৰা সুস্থ হৈ উঠা লোকৰ সংখ্যা হৈছেগৈ ৪২,৭৭২,৩৯৮জন। দৈনিক পজিটিভৰ হাৰ ৩.৯৪ শতাংশ আৰু সাপ্তাহিক পজিটিভৰ হাৰ ২.৯০ শতাংশ।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|