• Home
  • »
  • News
  • »
  • nation
  • »
  • Coronavirus Update: দেশত কোৰোণা ফলত মৃত্যুৰ সংখ্যা বৃদ্ধি, ২৪ ঘণ্টাত মৃত্যু ২৩১জনৰ, নতুনকৈ আক্ৰান্ত ১৫,৭৮৬জন

Coronavirus Update: দেশত কোৰোণা ফলত মৃত্যুৰ সংখ্যা বৃদ্ধি, ২৪ ঘণ্টাত মৃত্যু ২৩১জনৰ, নতুনকৈ আক্ৰান্ত ১৫,৭৮৬জন

ভাৰতে কোভিট টিকাকৰণৰ ক্ষেত্ৰত বৃহস্পতিবাৰে এক মাইলৰ খুটিত উপনীত হয়। দেশত ১০০ কোটি ভেকচিনৰ ড’জ প্ৰদান সম্পূৰ্ণ হয় বৃহস্পতিবাৰে।

  • Share this:
বিগত ২৪ ঘণ্টাত দেশত বৃদ্ধি পাইছে কোৰোণা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা। বিগত ২৪ ঘণ্টাত কোভিডত প্ৰাণ হেৰুৱাইছে ২৩১জন লোকে। এই দিনটোত কোৰোণাত নতুনকৈ আক্ৰান্ত হৈছে ১৫ হাজাৰ ৭৮৬জন লোক। নতুন সংখ্যাকে ধৰি দেশত সংক্ৰমিত লোকৰ মুঠ সংখ্যা ৩ কোটি ৪১ লাখ ৪৩ হাজাৰ ২৩৬জন। আনহাতে, এতিয়ালৈ ৪ লাখ ৫৩ হাজাৰ ৪২জন লোকে প্ৰাণ হেৰুৱাইছে এই মহামাৰীত। বৰ্তমান দেশত ১ লাখ ৭৫ হাজাৰ ৭৪৫জন লোক চিকিৎসাধীন হৈ আছে।

ভাৰতে কোভিট টিকাকৰণৰ ক্ষেত্ৰত বৃহস্পতিবাৰে এক মাইলৰ খুটিত উপনীত হয়। দেশত ১০০ কোটি ভেকচিনৰ ড’জ প্ৰদান সম্পূৰ্ণ হয় বৃহস্পতিবাৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশত এই বৰ্ষৰ ১৬ জানুৱাৰীত আৰম্ভ কৰা কোভিডৰোধী টিকাকৰণৰ জৰিয়তে ৯ মাহত লাভ কৰা সফলতাৰ কথা উল্লেখ কৰি ভাৰতীয় বিজ্ঞান, উদ্যম আৰু ১৩০ কোটি ভাৰতীয়ৰ একত্ৰ ভাৱনাৰ জয় বুলি উল্লেখ কৰে। মোদীয়ে ৰাম মনোহৰ লোহিয়া হাস্পতালত টিকাকৰণ কেন্দ্ৰও পৰিদৰ্শন কৰে আৰু হাস্পতালৰ কৰ্মচাৰী তথা আন লোকৰ সৈতে বাৰ্তালাপ কৰে। মোদীৰ সৈতে আছিল কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডভিয়াও।
Published by:Sanjay Kumar Das
First published: