• Home
  • »
  • News
  • »
  • nation
  • »
  • Coronavirus Update : বিগত ২৪ ঘণ্টাত দেশত ৪৩,৩৯৩জন লোক কোৰোণাত আক্ৰান্ত, মৃত্যু ৯১১জনৰ

Coronavirus Update : বিগত ২৪ ঘণ্টাত দেশত ৪৩,৩৯৩জন লোক কোৰোণাত আক্ৰান্ত, মৃত্যু ৯১১জনৰ

এতিয়ালৈ এই মহামাৰীত দেশত প্ৰাণ গৈছে ৪ লাখ ৪ হাজাৰ ৯৩৯জনৰ।

এতিয়ালৈ এই মহামাৰীত দেশত প্ৰাণ গৈছে ৪ লাখ ৪ হাজাৰ ৯৩৯জনৰ।

এতিয়ালৈ এই মহামাৰীত দেশত প্ৰাণ গৈছে ৪ লাখ ৪ হাজাৰ ৯৩৯জনৰ।

  • Share this:
ভাৰতত কোৰোণা ভাইৰাছৰ বিপদাংশা এতিয়াও আঁতৰা নাই। বিগত ২৪ ঘণ্টাত দেশত কোভিডত আক্ৰান্ত হৈছে ৪৩ হাজাৰ ৩৯৩জন লোক। মৃত্যু হৈছে ৯১১জনৰ। বৰ্তমান দেশত ৪ লাখ ৫৮ হাজাৰ ৭২৭জন লোকৰ চিকিৎসা চলি আছে। নতুন সংখ্যা মিলাই মুঠ সংক্ৰমিত লোকৰ সংখ্যা হৈছেগৈ ৩ কোটি ৭ লাখ ৫২ হাজাৰ ৯৫০জন। এতিয়ালৈ এই মহামাৰীত দেশত প্ৰাণ গৈছে ৪ লাখ ৪ হাজাৰ ৯৩৯জনৰ।

বিগত ২৪ ঘণ্টাত আটাইতকৈ অধিক সংক্ৰমিতৰ সংখ্যা পোৱা গৈছে কেৰালাত। দক্ষিণ ভাৰতীয় ৰাজ্যখনত এই সময়ছোৱাত ১৩ হাজাৰ ৭৭২জন লোক আক্ৰান্ত হৈছে। ইয়াৰ পিছতে তামিলনাডুত ৩ হাজাৰ ২১১জন, অন্ধ্ৰ প্ৰদেশত ২ হাজাৰ ৯৮২জন লোকৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ।
Published by:Sanjay Kumar Das
First published: