ভাৰতীয় নৌ সেনাৰ বিষয়া আক্রান্ত হৈছে Covid-19 ত। ২১ জন ভাৰতীয় নৌ সেনা বিষয়া Covid-19 ৰে আক্রান্ত হোৱাৰ খবৰ পোৱা গৈছে ।
মুম্বাই স্থিত INS Angre ত কৰ্তব্যৰত হৈ আছিল এই সকল লোক । INS Angre হৈছে পশ্ছিম নৌসেনা কমাণ্ডৰ প্ৰশাসনিক আৰু লজিষ্টিক সহায় প্ৰদান কৰা উপকূলীয় সংস্থা ।
নৌসেনাই তেওঁলোকৰ ২৫জন বিষয়াৰ স্বাস্থ্য পৰীক্ষা কৰোৱাইছিল আৰু ইয়াৰ বেছিভাগেই কোৰোণা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত বুলি আশংকা কৰা হয়। আক্ৰান্তসকলৰ ২১জনেই INS Angreত কৰ্মৰত আছিল।
উল্লেখযোগ্য যে, INS Angreত যাত্ৰা কৰা বহুতেই কোৰোণা পজিটিভ বুলি প্ৰমাণিত হৈছে। এতিয়াও বহুকেইটা পৰীক্ষাৰ ফলাফল আহিবলৈ বাকী থকাত আক্ৰান্ত নৌসেনা বিষয়াৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে।
নৌ সেনাৰ জাহাজত প্ৰথমবাৰলৈ এনেকৈ কোৰোণা ভাইৰাছৰ সংক্ৰমণ দেখিবলৈ পোৱা গৈছে। অতিশয় তাত্পৰ্যপূৰ্ণ বিষয়টো হৈছে আক্ৰান্তসকলৰ বেছিভাগেই asymptomatic অৰ্থাৎ তেওঁলোকৰ মাজত কোৰোণাৰ কোনো লক্ষণ ফুটি উঠা নাই। যোৱা সাত এপ্ৰিলত এজন নাবিক কোৰোণা পজিটিভ ওলোৱাৰ পিছতে ইমানসংখ্যক বিষয়া কোৰোণা আক্ৰান্ত হোৱাৰ খবৰ ওলাইছে।
আক্ৰান্ত বিষয়াসকল INS Angreৰ একেটা আৱাসীয় ব্লকৰ বাসিন্দা। তেওঁলোকৰ নিকট লোকৰ Covid-19 পৰীক্ষা কৰোৱা হৈছে।
লগে লগে সমগ্ৰ আৱাসীয় ব্লকটো কোৱাৰানটাইনত ৰখা হৈছে। চাৰিওফালৰ পৰা আৱদ্ধ কৰি দিয়া হৈছে আৰু INS Angre ও লকডাউন কৰি দিয়া হৈছে। ভাৰতীয় নৌসেনাৰ মুখপাত্ৰই জনোৱা মতে, Covid-19ৰ সকলো প্ৰট’কল গ্ৰহণ কৰা হৈছে।
ইয়াৰ বাহিৰে কোনো জাহাজ বা চাবমেৰিনত সংক্ৰমণৰ কথা পোহৰলৈ অহা নাই।
Published by: Tulika Devi
FIRST PUBLISHED : April 18, 2020, 10:06 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|