Covid-19 Updates: দেশত প্ৰথমবাৰ ১.২৬ লাখতকৈ অধিক কোৰোণাত আক্ৰান্ত, ২৪ ঘণ্টাত ৬৮৫জনৰ মৃত্যু

News18 Assam | News18-Assam
Updated:April 8, 2021, 11:15 AM IST
Covid-19 Updates: দেশত প্ৰথমবাৰ ১.২৬ লাখতকৈ অধিক কোৰোণাত আক্ৰান্ত, ২৪ ঘণ্টাত ৬৮৫জনৰ মৃত্যু
ভাৰতত এতিয়ালৈকে কোৰোণাত ১ কোটি ২৯ লাখ ২৮ হাজাৰ ৫৭৪জন লোক আক্ৰান্ত হৈছে।

ভাৰতত এতিয়ালৈকে কোৰোণাত ১ কোটি ২৯ লাখ ২৮ হাজাৰ ৫৭৪জন লোক আক্ৰান্ত হৈছে।

  • Share this:
Coronavirus Second Wave outbreak in India: দেশত কোৰোণা মহামাৰীৰ দ্বিতীয় ঢৌৰ ফলত পৰিস্থিতি জটিল হৈ গৈ আছে। ভাৰত বুধবাৰে প্ৰথমবাৰ এটা দিনত কোৰোণাৰ ১ লাখ ২৬ হাজাৰ ৭৮৯টা ঘটনা পোহৰলৈ আহিছে। বিগত বৰ্ষত মহামাৰী আৰম্ভ হোৱাৰ পিছত এতিয়ালৈকে এয়া সৰ্বাধিক আক্ৰান্তৰ সংখ্যা। বিগত ২৪ ঘণ্টাত ৬৮৫জন ৰোগীৰ মৃত্যু হৈছে। সুস্থ হৈ উঠিছে ৫৯,২৬৮জন ৰোগী। কোৰোণাত সৰ্বাধিক প্ৰভাৱিত মহাৰাষ্ট্ৰত বিগত ২৪ ঘণ্টাত ৫৯,৯০৭জন নতুনকৈ আক্ৰান্ত হৈছে। ৩০,২৯৬জন লোক সুস্থ উঠাৰ বিপৰীতে ৩২২জনৰ মৃত্যু হৈছে।

ভাৰতত এতিয়ালৈকে কোৰোণাত ১ কোটি ২৯ লাখ ২৮ হাজাৰ ৫৭৪জন লোক আক্ৰান্ত হৈছে। এতিয়ালৈ ১ কোটি ১৮ লাখ ৫১ হাজাৰ ৩৯৩জন লোক এই ভাইৰাছত আক্ৰান্ত হৈ সুস্থ হৈছে। এই ভাইৰাছৰ সংক্ৰমণৰ ফলত দেশত এতিয়ালৈ ১ লাখ ৬৬ হাজাৰ ৮৬২জন লোকৰ মৃত্যু হৈছে। দেশত এতিয়ালৈ ৯ লাখ ১০ হাজাৰ ৩১৯টা সক্ৰিয় ঘটনা আছে।
Published by: Sanjay Kumar Das
First published: April 8, 2021, 10:56 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি