Covid-19 Update: দেশজুৰি কোৰোণাৰ কালৰূপ! বিগত এটা দিনত ১.৬১ লাখ লোক আক্ৰান্ত, ৮৭৯জনৰ মৃত্যু

News18 Assam | News18-Assam
Updated:April 13, 2021, 10:32 AM IST
Covid-19 Update: দেশজুৰি কোৰোণাৰ কালৰূপ! বিগত এটা দিনত ১.৬১ লাখ লোক আক্ৰান্ত, ৮৭৯জনৰ মৃত্যু
দেশত কোৰোণাত ১ কোটি ৩৬ লাখ ৮৯ ৪৫৩জন লোক আক্ৰান্ত হৈছে।

দেশত কোৰোণাত ১ কোটি ৩৬ লাখ ৮৯ ৪৫৩জন লোক আক্ৰান্ত হৈছে।

  • Share this:
Coronavirus Outbreak in India Latest Updates : দেশত কোৰোণা ভাইৰাছ মহামাৰীৰ দ্বিতীয় ঢৌৰ ত্ৰাস। বিগত ২৪ ঘণ্টাৰ ভিতৰত নতুন ঘটনা কিছু হ্ৰাস পোৱা দেখা গৈছে। সোমবাৰে ১ লাখ ৬১ হাজাৰ ৭৭৬জন লোক আক্ৰান্ত হৈছে কোৰোণাত। মৃত্যু হৈছে ৮৭৯জনৰ। আনহাতে ৯৭ হাজাৰ ১৬৮জন ৰোগী সুস্থ হৈছে।

দেশত কোৰোণাত ১ কোটি ৩৬ লাখ ৮৯ ৪৫৩জন লোক আক্ৰান্ত হৈছে। এতিয়ালৈকে ১ কোটি ২২ লাখ ৫৩ হাজাৰ ৬৯৭জন লোক সুস্থ হৈছে। আনহাতে, এই ভাইৰাছৰ সংক্ৰমণৰ ফলত ১ লাখ ৭১ হাজাৰ ৫৮জন লোকৰ মৃত্যু হৈছে। বৰ্তমান দেশত ১২ লাখ ৬৪ হাজাৰ ৬৯৮ সক্ৰিয় ঘটনা আছে। সোমবাৰলৈ ১০ কোটি ৮৫ লাখ ৩৩ হাজাৰ ৮৫জন লোকক ভেকচিন প্ৰদান কৰা হৈছে।

কোৰোণা সংক্ৰমণৰ ক্ষেত্ৰত ভাৰতে ব্ৰাজিলক পিছ পেলাই বিশ্বৰ দ্বিতীয় দেশ হিচাপে পৰিগণিত হৈছে। ভাৰতত ১.৩৫ কোটি লোক কোৰোণাত সংক্ৰমিত হৈছে। আনহাতে, ব্ৰাজিলত ১.৩৪ কোটি লোক আক্ৰান্ত হৈছে এই ভাইৰাছত। ৩.১৯ কোটি সংক্ৰমিতৰ সংখ্যাৰে শীৰ্ষত আছে আমেৰিকা।
Published by: Sanjay Kumar Das
First published: April 13, 2021, 10:31 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি