ভাৰতত এটা দিন কোভিড ১৯ৰ ২,৫৮,০৮৯ নতুন ঘটনা পোহৰলৈ অহাৰ পিছত দেশত সংক্ৰমিতৰ সংখ্যা বৃদ্ধি পালে ৩,৭৩,৮০,২৫৩জনলৈ।
ভাৰতত এটা দিন কোভিড ১৯ৰ ২,৫৮,০৮৯ নতুন ঘটনা পোহৰলৈ অহাৰ পিছত দেশত সংক্ৰমিতৰ সংখ্যা বৃদ্ধি পালে ৩,৭৩,৮০,২৫৩জনলৈ।
দেশত কোৰোণা ভাইৰাছৰ সংক্ৰমণে উদ্বেগজনক ৰূপ ধাৰণ কৰাৰ সময়তে এই বিষয়টোক লৈ চৰ্চা আৰম্ভ হৈছে যে সংক্ৰমণৰ গতি হ্ৰাস হ’ব পাৰে নেকি? এনে অৱস্থাত আন এটা প্ৰশ্ন সন্মুখলৈ আহিছে যে জানুৱাৰীৰ শেষত কোৰোণাৰ চৰম পৰ্যায় পোৱাৰ যি কথা বিশেষজ্ঞসকলে কৈছিল, সেই অনুমান ভুল আছিল নেকি? নতুন পৰিসংখ্যালৈ চালে ভাৰতত কোভিড–১৯ৰ চৰম পৰ্যায় এতিয়া ২৩ জানুৱাৰীত হ’ব পাৰে। কোৱা হৈছে যে এই সময়ছোৱাত দেশত ৭ লাখৰো অধিক লোক আক্ৰান্ত হোৱাৰ সম্ভাৱনা আছে।
ভাৰতত এটা দিন কোভিড ১৯ৰ ২,৫৮,০৮৯ নতুন ঘটনা পোহৰলৈ অহাৰ পিছত দেশত সংক্ৰমিতৰ সংখ্যা বৃদ্ধি পালে ৩,৭৩,৮০,২৫৩জনলৈ। সংক্ৰমণৰ মুঠ সংখ্যাৰ ভিতৰত অমিক্ৰনত আক্ৰান্তৰ ঘটনা আছে ৮,২০৯টা। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ ফালৰ পৰা সোমবাৰে পুৱা প্ৰকাশ কৰা আপডেট অনুসৰি, দেশত ২৯খন ৰাজ্য তথা কেন্দ্ৰীয়শাসিত অঞ্চলত এতিয়ালৈ কোৰোণা ভাইৰাছৰ অমিক্ৰন ভেৰিয়েণ্টৰ ৮,২০৯ ঘটনা পোহৰলৈ আহিছে। ইয়াৰ ভিতৰত ৩,১০৯জন সংক্ৰমণমুক্ত হৈছে বা আন স্থানলৈ গৈছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|