হাস্পতালত ভৰ্তি হোৱাৰ ২০২ দিন পিছত এগৰাকী ৪৫ বছৰীয়া মহিলাগৰাকীই উভতি আহিল ঘৰলৈ। কোভিডৰ সৈতে মৰণপণ যুঁজৰ অন্তত অৱশেষত জয়লাভ কৰে তেওঁ। গুজৰাটৰ দাহোদৰ এখন চিকিৎসালয়ৰ মৃত্যুৰ মুখৰ পৰা অহা মহিলাগৰাকীক ১ মে'ত কোৰোনা ভাইৰাছ (Corona Virus)ৰ দ্বাৰা সংক্ৰমিত অৱস্থাত ভৰ্তি কৰোৱা হৈছিল। এই তথ্য মহিলাগৰাকীৰ পৰিয়ালৰ সদস্যসকলে সদৰী কৰে। মহিলাগৰাকীৰ নাম গীতা ধাৰ্মিক। তেওঁ স্বামী এগৰাকী ৰে'ল কৰ্মচাৰী।
তেওঁ উল্লেখ কৰে যে মহামাৰীৰ দ্বিতীয় ঢৌৰ সময়ত ভূপালৰ পৰা উভতি অহাৰ পিছত গীতা এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছিল। ইয়াৰ পিছত তেওঁ ২০২ দিন ধৰি চিকিৎসালয়ত থাকিব লগা হয়।
২০২ দিনৰ মূৰত ঘৰলৈ ঘূৰি অহাৰ পিছত মহিলাগৰাকীৰ ঘৰত আনন্দৰ বন্যা বয়। মহিলাগৰাকীৰ স্বামী ত্ৰিলোক ধাৰ্মিকে কয়, "শুকুৰবাৰে দাহোদ ৰে'ল চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়াৰ পিছত পৰিয়ালৰ সদস্যসকলে তেওঁক ঘৰত আদৰণি জনায়। তেওঁক চিকিৎসালয়ত ভেণ্টিলেটৰত ৰখা হৈছিল।"
ত্ৰিলোক ধাৰ্মিকে কয় যে তেওঁ গীতাক আৰু ঘূৰাই পোৱাৰ সকলো সম্ভাৱনা শেষ হৈছিল যদিও তেওঁ শেষ পৰ্যন্ত আশা কৰিছিল পত্নীক ঘূৰাই পাব। এয়া আশাবাদৰ জয়। এই ঘটনাই অকল পৰিয়ালটোকে নহয় গোটেই ৰাজ্যখনকে আনন্দিত কৰিছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|