দেশত কোৰোণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে। বিগত ২৪ ঘণ্টাত ২০ হাজাৰ ৫৫১জন লোক আক্ৰান্ত হৈছে এই মহামাৰীত। কোভিড সংক্ৰমণৰ ফলত ৭০ জন লোকৰ মৃত্যু হৈছে বিগত ২৪ ঘণ্টাত। এই সংখ্যাকে ধৰি এতিয়ালৈ দেশত মৃত্যুৰ সংখ্যা ৫ লাখ ২৬ হাজাৰ ৬০০জনলৈ বৃদ্ধি পালে। বিগত দিনটোত ২১ হাজাৰ ৫৯৫জন লোক কোৰোণাৰ পৰা সুস্থ হৈ উঠিছে।
স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, দেশত এতিয়া কোভিডৰ সক্ৰিয় সংখ্যা হৈছে ১ লাখ ৩৫ হাজাৰ ৩৬৪টা। যিটো মুঠ সংখ্যাৰ ০.৩১ শতাংশ। কোৰোণাৰ পজিটিভিটি ৰেট ৫.১৪ শতাংশ। বিগত ২৪ ঘণ্টাত চিকিৎসাধীন ৰোগীৰ সংখ্যাত ১১১৪জন কম হৈছে। সুস্থতাৰ হাৰ ৯৮.৫০ শতাংশ।
স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, এতিয়ালৈ দেশত ২,০৫,৫৯,৪৭২ জন লোকক কোৰোণাৰ ভেকচিন প্ৰদান কৰা হৈছে। এতিয়ালৈ ৪ কোটি ৩৪ লাখ ৪৫ হাজাৰ ৬২৪জন লোক সুস্থ হৈ উঠিছে।