বৃদ্ধি হ’ব নেকি ল’ক ডাউন? হিমাচল প্ৰদেশ আৰু মেঘালয়হে কেৱল ল’ক ডাউন বৃদ্ধিৰ পক্ষত!

News18 Assam | News18-Assam
Updated:April 27, 2020, 12:55 PM IST
বৃদ্ধি হ’ব নেকি ল’ক ডাউন? হিমাচল প্ৰদেশ আৰু মেঘালয়হে কেৱল ল’ক ডাউন বৃদ্ধিৰ পক্ষত!
Source-Google

বিগত ২৪ ঘণ্টাত দেশত কোৰোণাত আক্ৰান্ত ৩৮১ জন ৰোগী সুস্থ হৈ উঠিল

  • Share this:
বৃদ্ধি হ’ব নেকি ল’ক ডাউন? আজি মুখ্যমন্ত্ৰীসকলৰ হৈছে বিশেষ বৈঠকত মিলিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আজিৰ বৈঠকতে হয়টো ৩ মে’ৰ পিছত দেশত ল’ক ডাউন বৃদ্ধি হ’বনে নহয়, সেই লৈ এক সিদ্ধান্তত উপনীত হ’ব।

জানিব পৰা মতে, প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা বৈঠকত বহু কেইগৰাকী মুখ্যমন্ত্ৰীয়ে ৩ মে’ৰ পিছত ল’ক ডাউনৰ সীমা বৃদ্ধি নকৰাৰ পক্ষত অৱস্থান গ্ৰহণ কৰিছে। কিন্তু মেঘালয় আৰু হিমাচল প্ৰদেশে ল’ক ডাউন বৃদ্ধি কৰিবলৈ অনুৰোধ জনাইছে প্ৰধানমন্ত্ৰীক।

প্ৰধানমন্ত্ৰী মোদী আৰু মুখ্যমন্ত্ৰীসকলৰ মাজত হোৱা বৈঠকত উপস্থিতি আছে গৃহমন্ত্ৰী অমিত শ্বাহো। অমিত শ্বাহে প্ৰতিখন ৰাজ্যক ল’ক ডাউন সঠিক ৰূপত পালন কৰিবলৈ আহ্বান জনাইছে।
Published by: Himangshu Bhuyan
First published: April 27, 2020, 12:50 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি