মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»দেশত বিগত ২৪ ঘণ্টাত ৩.৬২ লাখ লোক কোভিড পজিটিভ, এই ৫খন ৰাজ্যত বিভীষিকা

দেশত বিগত ২৪ ঘণ্টাত ৩.৬২ লাখ লোক কোভিড পজিটিভ, এই ৫খন ৰাজ্যত বিভীষিকা

News18 Assam | News18-Assam
Updated:May 13, 2021, 10:32 AM IST
দেশত বিগত ২৪ ঘণ্টাত ৩.৬২ লাখ লোক কোভিড পজিটিভ, এই ৫খন ৰাজ্যত বিভীষিকা
স্বাস্থ্য মন্ত্ৰণালয়ৰ সংখ্যা অনুসৰি, দেশত কোৰোণা মহামাৰীত এতিয়ালৈ ২ কোটি ৩৭ লাখ ৩ হাজাৰ ৬৬৫জন লোক আক্ৰান্ত হৈছে।

স্বাস্থ্য মন্ত্ৰণালয়ৰ সংখ্যা অনুসৰি, দেশত কোৰোণা মহামাৰীত এতিয়ালৈ ২ কোটি ৩৭ লাখ ৩ হাজাৰ ৬৬৫জন লোক আক্ৰান্ত হৈছে।

  • Share this:
Coronavirus Cases in India Latest Update: দেশত কোৰোণা ভাইৰাছৰ বিভীষিকা অব্যাহত আছে। বিগত ২৪ ঘণ্টাত অৰ্থাৎ বুধবাৰে ৩ লাখ ৬২ হাজাৰ ৭২৭ নতুন ৰোগী চিনাক্ত কৰা হৈছে। ৩ লাখ ৫২ হাজাৰ ১৮১জন লোক সুস্থ হৈ উঠিছে। আনহাতে, ৪,১২০জন লোকৰ মৃত্যু হৈছে বুধবাৰৰ দিনটোত। দ্বিতীয় দিনৰ বাবে দেশত ৪ হাজাৰৰো অধিক লোকে প্ৰাণ হেৰুৱালে কোৰোণা ভাইৰাছত।

স্বাস্থ্য মন্ত্ৰণালয়ৰ সংখ্যা অনুসৰি, দেশত কোৰোণা মহামাৰীত এতিয়ালৈ ২ কোটি ৩৭ লাখ ৩ হাজাৰ ৬৬৫জন লোক আক্ৰান্ত হৈছে। এতিয়ালৈ প্ৰায় ১ কোটি ৯৭ লাখ ৩৪ হাজাৰ ৮২৩জন লোক সুস্থ হৈ উঠিছে। বৰ্তমান মুঠ ৩৭ লাখ ১০ হাজাৰ ৫২৫জন লোক চিকিৎসাধীন হৈ আছে।

দেশৰ প্ৰায় ৫৪ শতাংশ সক্ৰিয় ঘটনা মহাৰাষ্ট্ৰ, কৰ্ণাটক, কেৰালা, উত্তৰ প্ৰদেশ আৰু ৰাজস্থানত আছে। ১১ মে’ত মহাৰাষ্ট্ৰত সৰ্বাধিক ৫,৬১,৩৪৭জন, তাৰ পিছত কৰ্ণাটকত ৫,৮৭,৪৭২জন, কেৰালাত ৪,২৪,৩০৯ জন, উত্তৰ প্ৰদেশত ২,১৬,০৫৭জন আৰু ৰাজস্থানত ২,০৫,৭৩০জন লোক আক্ৰান্ত আছিল।

Published by: Sanjay Kumar Das
First published: May 13, 2021, 10:32 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি