মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»দেশত ২৪ ঘণ্টাত ৩.৬২ লাখ লোক কোৰোণাত আক্ৰান্ত, ভাৰতত প্ৰতিদিনে সৰ্বাধিক মৃত্যু

দেশত ২৪ ঘণ্টাত ৩.৬২ লাখ লোক কোৰোণাত আক্ৰান্ত, ভাৰতত প্ৰতিদিনে সৰ্বাধিক মৃত্যু

News18 Assam | News18-Assam
Updated:May 14, 2021, 9:43 AM IST
দেশত ২৪ ঘণ্টাত ৩.৬২ লাখ লোক কোৰোণাত আক্ৰান্ত, ভাৰতত প্ৰতিদিনে সৰ্বাধিক মৃত্যু
প্ৰতীকী ফটো

দেশত কোৰোণা মহামাৰীৰ কবলত পৰিছে এতিয়ালৈ ২.৩৭ কোটি লোক।

  • Share this:
Coronavirus Second Outbreak in India Latest Update: দেশত কোৰোণা ভাইৰাছৰ বিভীষিকা অব্যাহত আছে। বিগত ২৪ ঘণ্টাত ৩ লাখ ৬২ হাজাৰ ৬৩২জন লোক কোৰোণাত আক্ৰান্ত হৈছে। ইয়াৰ বিপৰীতে ৩ লাখ ৫২ হাজাৰ ৫জন লোক সুস্থ হৈ উঠিছে। বৃহস্পতিবাৰে দেশত ৪,১২৮জন কোৰোণা ৰোগীৰ মৃত্যু হয়। ক্ৰমাগতভাৱে দ্বিতীয় দিনা ৪ হাজাৰৰো অধিক লোকে প্ৰাণ হেৰুৱালে মহামাৰীত।

দেশত কোৰোণা মহামাৰীৰ কবলত পৰিছে এতিয়ালৈ ২.৩৭ কোটি লোক। মুঠ ১.৯৭ কোটি লোক কোৰোণাক হৰুৱাই সুস্থ হৈ উঠিছে। এতিয়ালৈ ২.৫৭ লাখ লোকে প্ৰাণ হেৰুওৱাৰ বিপৰীতে এতিয়াও চিকিৎসাধীন হৈ আছে ৩৭.০৬ লাখ লোক।

দেশৰ ১৪খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত আংশিক লকডাউন ঘোষণা কৰা হৈছে। ইয়াৰ ভিতৰত অসম, পঞ্চাব, জম্মু–কাশ্মীৰ, লাডাখ, উত্তৰাখণ্ড, অৰুণাচল প্ৰদেশ, ছিকিম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, ত্ৰিপুৰা, পশ্চিম বংগ, অন্ধ্ৰ প্ৰদেশ আৰু গুজৰাট।

Published by: Sanjay Kumar Das
First published: May 14, 2021, 9:43 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি