COVID-19: দেশত ক্ৰমাগতভাৱে দ্বিতীয় দিনৰ বাবে আক্ৰান্তৰ সংখ্যা লাখৰ তলত, বিগত ২৪ ঘণ্টাত ৯২৭১৯জন আক্ৰান্ত

News18 Assam | News18-Assam
Updated:June 9, 2021, 9:12 AM IST
COVID-19: দেশত ক্ৰমাগতভাৱে দ্বিতীয় দিনৰ বাবে আক্ৰান্তৰ সংখ্যা লাখৰ তলত, বিগত ২৪ ঘণ্টাত ৯২৭১৯জন আক্ৰান্ত
স্বাস্থ্য মন্ত্ৰণালয়ে জাৰি কৰা তথ্য মতে, দেশত এতিয়ালৈ কোৰোণাত ২.৯০ কোটি লোক সংক্ৰমিত হৈছে।

স্বাস্থ্য মন্ত্ৰণালয়ে জাৰি কৰা তথ্য মতে, দেশত এতিয়ালৈ কোৰোণাত ২.৯০ কোটি লোক সংক্ৰমিত হৈছে।

  • Share this:


দেশত কোৰোণা ভাইৰাছৰ প্ৰকোপ ক্ৰমাৎ হ্ৰাস পোৱা দেখা গৈছে। মঙলবাৰে দ্বিতীয় দিনৰ বাবে দেশত সংক্ৰমিত লোকৰ সংখ্যা ১ লাখতকৈ কম। বিগত ২৪ ঘণ্টাত ৯২ হাজাৰ ৭১৯জন লোক আক্ৰান্ত হয় কোভিডত। মৃত্যু হয় ২,২২২জন লোকৰ। আনহতে, ১ লাখ ৬২ হাজাৰ ২৮০জন লোক সুস্থ হৈ ঘৰলৈ উভতিছে।

স্বাস্থ্য মন্ত্ৰণালয়ে জাৰি কৰা তথ্য মতে, দেশত এতিয়ালৈ কোৰোণাত ২.৯০ কোটি লোক সংক্ৰমিত হৈছে। ইয়াৰ ভিতৰত এতিয়ালৈ ২.৭৪ কোটি লোক সুস্থ হৈছে। এতিয়ালৈ এই ভাইৰাছৰ সংক্ৰমণত মৃত্যু হৈছে ৩.৫৩ লাখ লোক। বৰ্তমান ১২.২৬ লাখ লোকৰ চিকিৎসা চলি আছে।


বিশ্বত এতিয়ালৈ ১৭.৭৪ কোটি লোক কোৰোণা ভাইৰাছত সংক্ৰমিত হৈছে। ইয়াৰ ভিতৰত ৩৭.৫১ লাখৰো অধিক লোকৰ মৃত্যু হৈছে। ১৫.৭৯ কোটি লোকে কোৰোণাক জয় কৰিছে। বৰ্তমান ১.২৯ কোটি লোকৰ চিকিৎসা চলি আছে। বিগত ৫ সপ্তাহৰ ৰেকৰ্ড চালে বিশ্বত কোৰোণাৰ ঘটনা ৪৬ শতাংশ হ্ৰাস পাইছে।
Published by: Sanjay Kumar Das
First published: June 9, 2021, 9:12 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি