কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ ফালৰ পৰা বুধবাৰে কোৱা হৈছে, ‘কোৰোণাৰ সংক্ৰমণৰ ঘটনা ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে। ইয়াৰ মূল কাৰণ অমিক্ৰন ভেৰিয়েণ্ট (Omicron Variant)।
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ ফালৰ পৰা বুধবাৰে কোৱা হৈছে, ‘কোৰোণাৰ সংক্ৰমণৰ ঘটনা ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে। ইয়াৰ মূল কাৰণ অমিক্ৰন ভেৰিয়েণ্ট (Omicron Variant)।
Coronavirus/Omicron 3rd Wave: কোৰোণাৰ অমিক্ৰন ভেৰিয়েণ্ট (Omicron Variant)ক লৈ বিশ্বজুৰি প্ৰকাশ হোৱা সতৰ্কবাণীৰ মাজতে এতিয়া কেন্দ্ৰীয় চৰকাৰেও জাৰি কৰিছে সতৰ্কবাণী। কোৱা হৈছে যে এতিয়া যদিও অমিক্ৰনত (Omicron)ত আক্ৰান্ত কেৱল ৫–১০ শতাংশ ৰোগীক হাস্পতালত ভৰ্তি কৰাৰ প্ৰয়োজন হৈছে, কিন্তু ই চিন্তাৰ কাৰণ হৈ পৰিব পাৰে। ডেল্টা ভেৰিয়েণ্ট Delta Variant)ৰ ফলত অহা দ্বিতীয় লহৰৰ তুলনাত তৃতীয় লহৰত (Third Wave of Covid-19) উচ্চসীমা পোৱালৈ হাস্পতালত ভৰ্তি ৰোগীৰ সংখ্যা দুগুণ হ’ব পাৰে।
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ ফালৰ পৰা বুধবাৰে কোৱা হৈছে, ‘কোৰোণাৰ সংক্ৰমণৰ ঘটনা ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে। ইয়াৰ মূল কাৰণ অমিক্ৰন ভেৰিয়েণ্ট (Omicron Variant)। সংক্ৰমণৰ ঘটনা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। আহিবলগীয়া সময়ত স্থিতি এনেকুৱাও হ’ব পাৰে যে ডেল্টাৰ সংক্ৰমণৰ ফলত যদি ১০০ লোক আক্ৰান্ত হৈছিল, অমিক্ৰনৰ ক্ষেত্ৰত ৪০০–৫০০ হ’ব পাৰে। সেইদৰে ডেল্টাৰ ১০০ ঘটনাৰ তুলনাত অমিক্ৰনৰ ১২৫ৰ পৰা ২৫০জনলৈ ৰোগীক হাস্পতালত ভৰ্তি কৰাৰ পৰিস্থিতি আহিব পাৰে।
এনডিটিভিয়ে চৰকাৰৰ তথ্যৰ আধাৰত কয় যে ডেল্টাৰ ফলত দেশত অহা কোৰোণাৰ দ্বিতীয় ঢৌৰ ফলত ২০–২৩ শতাংশ সংক্ৰমিতক হাস্পতালত ভৰ্তি কৰোৱাবলগীয়া হৈছিল। এতিয়া অমিক্ৰনৰ সংক্ৰমণৰ ফলত ৫–১০ শতাংশ সংক্ৰমিত লোকক হাস্পতালত ভৰ্তি কৰাবলগীয়া হৈছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|