মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»Coronavirus: দেশৰ ১৮০খন জিলাত বিগত ৭ দিনত এজনো লোক হোৱা নাই আক্ৰান্ত, ১২ ৰাজ্য হৈ পৰিছে বিপজ্জনক

Coronavirus: দেশৰ ১৮০খন জিলাত বিগত ৭ দিনত এজনো লোক হোৱা নাই আক্ৰান্ত, ১২ ৰাজ্য হৈ পৰিছে বিপজ্জনক

News18 Assam | News18-Assam
Updated:May 9, 2021, 9:14 AM IST
Coronavirus: দেশৰ ১৮০খন জিলাত বিগত ৭ দিনত এজনো লোক হোৱা নাই আক্ৰান্ত, ১২ ৰাজ্য হৈ পৰিছে বিপজ্জনক
দেশত এই ১৮০খন জিলাত এসপ্তাহ ধৰি কোনো নতুন ঘটনা পোহৰলৈ অহা নাই। সেইদৰে ১৮খন জিলাত ১৪ আৰু ৫৪খন জিলাত ২১দিন ধৰি নতুন ঘটনা ওলোৱা নাই।

দেশত এই ১৮০খন জিলাত এসপ্তাহ ধৰি কোনো নতুন ঘটনা পোহৰলৈ অহা নাই। সেইদৰে ১৮খন জিলাত ১৪ আৰু ৫৪খন জিলাত ২১দিন ধৰি নতুন ঘটনা ওলোৱা নাই।

  • Share this:
Coronavirus outbreak in India Latest Update: দেশত কোৰোণা ভাইৰাছৰ দ্বিতীয় লহৰে বিভীষিকাৰ সৃষ্টি কৰিছে। প্ৰতিদিনে কোৰোণা ৰোগীৰ সংখ্যাই অভিলেখ সৃষ্টি কৰিছে। বিগত তিনিটা দিনত প্ৰতিদিনে ৪ লাখতকৈ অধিক নতুন ঘটনা পোহৰলৈ আহিছে। কোৰোণাৰ বৰ্ধিত ঘটনাৰ মাজতে দেশৰ ১৮০খন জিলাৰ পৰা আহিছে কিছু সকাহৰ খবৰ। দেশত এই ১৮০খন জিলাত এসপ্তাহ ধৰি কোনো নতুন ঘটনা পোহৰলৈ অহা নাই। সেইদৰে ১৮খন জিলাত ১৪ আৰু ৫৪খন জিলাত ২১দিন ধৰি নতুন ঘটনা ওলোৱা নাই।

কোৰোণাৰ ওপৰত শনিবাৰে ২৫সংখ্যক গ্ৰুপ অব মিনিষ্টাৰ্ছৰ বৈঠকত বিষয়াসকলে কয় যে দেশত ৪,৮৮,৮৬১জন ৰোগী আইচিইউত আছে, আনহাতে ১,৭০,৮৪১গৰাকী ৰোগী ভেণ্টিলেটৰত আছে। ৯,০২,২৯১জন ৰোগী অক্সিজেন ছাপ’ৰ্টত আছে। ইফালে, দেশত ১৬.৭৩ কোটি লোকে ভেকচিন গ্ৰহণ কৰিছে। বৈঠকত স্বাস্থ্য মন্ত্ৰী হৰ্ষবৰ্ধনে কয় যে ৫৩,২৫০০০ কোৰোণা ভেকচিনৰ ড’জ পাইপলাইনত আছে যিসমূহ ৰাজ্যসমূহলৈ যোগান ধৰা হ’ব।
Published by: Sanjay Kumar Das
First published: May 9, 2021, 9:14 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি