অসমৰ ওচৰ পালেহি কোৰোণা ভাইৰাছ! নাগালেণ্ডত ৪২জন লোকৰ দেহত এই ভাইৰাছ থকাৰ সন্দেহ

News18 Assam | News18-Assam
Updated:February 11, 2020, 12:29 PM IST
অসমৰ ওচৰ পালেহি কোৰোণা ভাইৰাছ! নাগালেণ্ডত ৪২জন লোকৰ দেহত এই ভাইৰাছ থকাৰ সন্দেহ
Photo : foreignpolicy.com

স্বাস্থ্য মন্ত্ৰী এছ পাংনুৱে জনাইছে যে ৪২জনৰ ভিতৰত ৭জনক নিজৰ ঘৰতে পৃথকে ৰখা হৈছে আৰু দিনত দুবাৰকৈ নিৰীক্ষণ কৰা হৈছে।

  • News18 Assam
  • Last Updated: February 11, 2020, 12:29 PM IST
  • Share this:
চীনৰ পৰা বিশ্বৰ কেইবাখনো দেশলৈ বিয়পিছে মাৰাত্মক কোৰোণা ভাইৰাছ। ভাৰতৰ কেৰালাতো দুজনকৈ লোকৰ দেহত এই ভাইৰাছ থকাৰ কথা নিশ্চিত কৰা হৈছে। কিন্তু এইবাৰ অসমৰ কাষ পালেহি এই ভয়ংকৰ ভাইৰাছ! নাগালেণ্ডত চীন তথা আন দেশৰ পৰা অহা ৪২জন লোকৰ দেহত কোৰোণা ভাইৰাছ থকাৰ সন্দেহ কৰা হৈছে। অৱশ্যে এতিয়াও এই কথা নিশ্চিত হোৱা নাই। এই লোককেইজনক নিৰীক্ষণত ৰাখিছে নাগালেণ্ড চৰকাৰে। ‘দ্য নিউ ইণ্ডিয়ান এক্সপ্ৰেছ’ত প্ৰকাশ পাইছে এই খবৰ।

ৰাজ্যখনত এইপৰ্যন্ত কোনো লোক এই ভাইৰাছত আক্ৰান্ত হোৱা নাই বুলি জনাইছে নাগালেণ্ড চৰকাৰে। স্বাস্থ্য মন্ত্ৰী এছ পাংনু ফমে জনাইছে যে ৪২জনৰ ভিতৰত ৭জনক নিজৰ ঘৰতে পৃথকে ৰখা হৈছে আৰু দিনত দুবাৰকৈ নিৰীক্ষণ কৰা হৈছে।

মন্ত্ৰীজনে জনায় যে ৩০ জানুৱাৰীৰ পৰা প্ৰতিদিনে ডিমাপুৰ বিমানবন্দৰত অৱতৰণ কৰা সকলো যাত্ৰীৰ স্ক্ৰীণিং কৰা হৈছে। আনহাতে, বিৰোধী নেতা টি আৰ জেলিয়াঙে দাবী জনায় যে ম্যানমাৰ আৰু মণিপুৰ হৈ চীনৰ পৰা অহা আৰু দেশৰ আন প্ৰান্তৰ পৰা পথেৰে অহা লোকসকলৰো স্ক্ৰীণিং কৰা উচিত।

উল্লেখযোগ্য যে নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু অৰুণাচল প্ৰদেশ আছে ম্যানমাৰ সীমান্তত। অৰুণাচলৰ বৃহৎ অংশ এলেকা পৰে চীন সীমান্তত। দুদিন পূৰ্বে মণিপুৰত নিষিদ্ধ কৰা হৈছিল চীন, ম্যানমাৰ আৰু আন দক্ষিণ এছিয়াৰ দেশৰ পৰা অহা পেকেট খাদ্য।
আৰু চাওক
পৰৱৰ্তী বাতৰি