কোৰোণাত সংক্ৰমিত লোকৰ লজ্জাজনক কাণ্ড, চিকিৎসকৰ মুখলৈ মাৰিলে থু, ক’ত এই ঘটনা?

News18 Assam | News18-Assam
Updated:March 29, 2020, 11:35 PM IST
কোৰোণাত সংক্ৰমিত লোকৰ লজ্জাজনক কাণ্ড, চিকিৎসকৰ মুখলৈ মাৰিলে থু, ক’ত এই ঘটনা?
ইন্দোৰত কোৰোণা পজিটিভ লোকৰ সংখ্যা ২৪জন হৈছেগৈ, যিটো ৰাজ্যখনৰ ভিতৰতে সৰ্বাধিক।

ইন্দোৰত কোৰোণা পজিটিভ লোকৰ সংখ্যা ২৪জন হৈছেগৈ, যিটো ৰাজ্যখনৰ ভিতৰতে সৰ্বাধিক।

  • Share this:
মধ্য প্ৰদেশৰ ইন্দোৰ চহৰৰ সৰ্বাধিক কোৰোণা প্ৰভাৱিত ৰাণীপুৰাৰ লোকৰ লজ্জাজনক কাণ্ড পোহৰলৈ আহিছে। অঞ্চলটোত উপস্থিত হোৱা মেডিকেল টীমৰ চিকিৎসকৰ ওপৰত স্থানীয় বাসিন্দাই ওপৰৰ পৰা থুৱাই সংক্ৰমিত কৰাৰ ঘৃণনীয় প্ৰয়াস কৰে। ইয়াৰ পিছতে মেডিকেল টীমে আৰক্ষীৰ সহায় বিচাৰে। উল্লেখযোগ্য যে ইন্দোৰ চহৰৰ এই অঞ্চলতে সৰ্বাধিক কোৰোণা আক্ৰান্ত আৰু সন্দেহজনক বেমাৰী আছে, কিন্তু পৰীক্ষা–নিৰীক্ষাত সহযোগ কৰা নাই লোকসকলে।

ইন্দোৰত কোৰোণা পজিটিভ লোকৰ সংখ্যা ২৪জন হৈছেগৈ, যিটো ৰাজ্যখনৰ ভিতৰতে সৰ্বাধিক। ইয়াৰ উপৰি ইন্দোৰ আৰু উজ্জয়িনীৰ এজন এজন লোকৰ মৃত্যু হৈছে। ইন্দোৰত কোৰোণা পজিটিভ লোক ওলোৱাৰ পিছতে ৰাণীপুৰা, নিপানিয়া, খাতীৱালাটেংক, চন্দননগৰ আৰু খজৰানাৰ তিনি কিলোমিটাৰ অঞ্চল আৰক্ষী–প্ৰশাসনে সম্পূৰ্ণৰূপে ছীল কৰি দিছে। এই অঞ্চলত সংক্ৰমণ মুক্ত কৰাৰ বাবে প্ৰশাসনে কাম কৰি আছে। দেওবাৰে স্কেনিঙৰ বাবে ৰাণীপুৰা অঞ্চলত উপস্থিত হোৱা চিকিৎসকৰ দলৰ সৈতে এই অভৱ্য আচৰণ কৰে লোকসকলে। কেৱল থুৱাই নেৰিলে লোকসকলে, চিকিৎসকে বুজোৱাৰ চেষ্টা কৰাত দিলে গালি–শপনিও।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading