உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • Covid 19 : কোৰোণাৰ সংক্ৰমণ কিছু পৰিমাণে হ্ৰাস, বিগত ২৪ ঘণ্টাত দেশত আক্ৰান্ত ২৪৮৭জন লোক

    Covid 19 : কোৰোণাৰ সংক্ৰমণ কিছু পৰিমাণে হ্ৰাস, বিগত ২৪ ঘণ্টাত দেশত আক্ৰান্ত ২৪৮৭জন লোক

    File Photo

    File Photo

    কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ ফালৰ পৰা প্ৰকাশ কৰা তথ্য অনুসৰি, দেশত বৰ্তমান সক্ৰিয় সংখ্যা ১৬,৬৯২টা।

    • Share this:
    বিগত কিছুদিন ধৰি কোৰোণাৰ সংক্ৰমণ বৃদ্ধিয়ে একপ্ৰকাৰ আতংকিত কৰি তুলিছিল দেশৰ জনতাক। কিন্তু বৰ্তমান কিছু পৰিমাণে হ্ৰাস পাইছে সংক্ৰমণ। বিগত ২৪ ঘণ্টাত ভাৰতত কোৰোণাত আক্ৰান্ত হৈছে ২৪৮৭জন লোক। তাৰ আগদিনা কোৰোণাত আক্ৰান্ত হৈছিল ২৮৫৮জন লোক। বিগত ২৪ ঘণ্টাত এই ভাইৰাছৰ সংক্ৰমণৰ ফলত ১৩জন লোকৰ মৃত্যু হয়।

    কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ ফালৰ পৰা প্ৰকাশ কৰা তথ্য অনুসৰি, দেশত বৰ্তমান সক্ৰিয় সংখ্যা ১৬,৬৯২টা। কোভিডৰ পৰা সুস্থ হোৱাৰ হাৰ ৯৮.৭৪ শতাংশ। সংক্ৰমণৰ দৈনিক হাৰ ০.৫৯ শতাংশ, সাপ্তাহিক হাৰ ০.৬৬ শতাংশ।

    দিল্লীত বিগত ২৪ ঘণ্টাত কোভিড ১৯ত আক্ৰান্ত হৈছে ৬৭৩জন লোক। শুকুৰবাৰে দিল্লীত ৪জন লোকৰ মৃত্যু হয়। ৭ মাৰ্চত তিনিজন আৰু ৪ মাৰ্চত চাৰিজন লোকৰ মৃত্যু হৈছিল দিল্লীত। শুকুৰবাৰে ৮৯৯টা নতুন ঘটনা পোহৰলৈ আহিছিল।
    Published by:Sanjay Kumar Das
    First published: