যদিও অমিক্ৰণৰ সংক্ৰমণেই এতিয়া সকলোৰে চিন্তাৰ বিষয় তথাপি কোৰোণাৰ ডেল্টা ভেৰিয়েণ্টৰ প্ৰকোপ কমা নাই বুলি সতৰ্ক কৰি দিছে বিশ্ব স্বাস্থ্য সংস্থাই। WHOৰ মতে এইবাৰ অমিক্ৰণ আৰু ডেল্টা ভেৰিয়েণ্টে একেলগে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে।
WHOৱে ডেল্টা আৰু অমিক্ৰণক টুইন থ্ৰেট আখ্যা দিছে আৰু কৈছে যে এই দুয়োটাই অধিক সংক্ৰমণ, হস্পিটেলাইজেচন আৰু মৃত্যুৰ কাৰণ হ'ব পাৰে। WHOৰ তথ্য মতে বিগত এক সপ্তাহত সমগ্ৰ বিশ্বত কোৰোণাৰ সংক্ৰমণ ১১ শতাংশ বৃদ্ধই পাইছে।