• Home
  • »
  • News
  • »
  • nation
  • »
  • Coronavirus In India: দেশত বিগত ২৪ ঘণ্টাত ৫৩,২৫৬জন কোৰোণাত আক্ৰান্ত, মৃত্যু ১৪২২জনৰ

Coronavirus In India: দেশত বিগত ২৪ ঘণ্টাত ৫৩,২৫৬জন কোৰোণাত আক্ৰান্ত, মৃত্যু ১৪২২জনৰ

প্ৰতীকী ফটো

প্ৰতীকী ফটো

মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, দেশত বৰ্তমান ৭,০২,৮৮৭জন লোক আক্ৰান্ত হৈ আছে কোভিডত।

  • Share this:
দেশত কোৰোণা ভাইৰাছৰ সংক্ৰমণ দিনক দিনে কমি আহিছে। দেওবাৰে দেশত বিগত ৮৮ দিনৰ ভিতৰত সৰ্বনিম্ন স্তৰত উপনীত হৈছে আক্ৰান্তৰ সংখ্যা। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ দ্বাৰা জাৰি কৰা তথ্য অনুসৰি, দেশত বিগত ২৪ ঘণ্টাত ৫৩ হাজাৰ ২৫৬জন লোক নতুনকৈ আক্ৰান্ত হৈছে কোৰোণাত। ১৪২২জন লোকৰ মৃত্যু হৈছে। আনহাতে, ৭৮,১৯০জন লোক সুস্থ হৈ উঠিছে।

মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, দেশত বৰ্তমান ৭,০২,৮৮৭জন লোক আক্ৰান্ত হৈ আছে কোভিডত। এতিয়ালৈ ২,৮৮,৪৪,১৯৯জন লোক সুস্থ হৈ উঠিছে। লগতে মৃত্যুৰ সংখ্যা ৩,৮৮,১৩৫লৈ বৃদ্ধি পাইছে। দেশত এতিয়ালৈ কোৰোণাত আক্ৰান্তৰ মুঠ সংখ্যা হ’ল ২,৯৯,৩৫,২২১জন।

২১ জুনৰ নিশা ৮ বজালৈ দেশত ২৮,০০,৩৬,৮৯৮জন লোকৰ টিকাকৰণ কৰা হৈছে। দেওবাৰে ৩০,৩৯,৯৯৬জন লোক ভেকচিন প্ৰদান কৰা হয়। আই চি এম আৰৰ মতে, দেশত এতিয়ালৈ মুঠ ৩৯,২৪,০৭,৭৮২জন লোকৰ পৰীক্ষা কৰা হৈছে।
Published by:Sanjay Kumar Das
First published: