মহাৰাষ্ট্ৰ, কেৰালা আৰু মধ্যপ্ৰদেশত পোৱা গৈছে কোৰোণাৰ নতুন প্ৰকাৰ ডেল্টা প্লাছ ( Delta Plus)ৰ অৱস্থিতি।
মহাৰাষ্ট্ৰ, কেৰালা আৰু মধ্যপ্ৰদেশত পোৱা গৈছে কোৰোণাৰ নতুন প্ৰকাৰ ডেল্টা প্লাছ ( Delta Plus)ৰ অৱস্থিতি।
দেশত কোৰোণাৰ দ্বিতীয় ঢৌৰ বিভীষিকা ক্ৰমশঃ হ্ৰাস পাবলৈ লৈছে যদিও কোৰোণাৰ ডেল্টা প্লাছ ( Delta Plus) প্ৰকাৰৰৰ ঘটনা পোহৰলৈ অহাৰ পাছতে এতিয়া চিন্তিত হৈ পৰিছে সকলো। মহাৰাষ্ট্ৰ (Maharashtra)ৰ স্বাস্থ্যমন্ত্ৰী ৰাজেশ টোপে সোমবাৰে কৈছিল যে ৰাজ্যখনত ২১টা ডেল্টা প্লাছৰ ঘটনা পোহৰলৈ আহিছে। তেওঁলোকৰ ৯জন জলগাঁৱৰ, সাতজন মুম্বাইৰ আৰু এজনকৈ সিন্ধু দুৰ্গ, থানে আৰু পালগড় জিলাৰ। টোপে কৈছিল যে মহাৰাষ্ট্ৰ চৰকাৰে জেনম চিকোয়েন্সিং লোৱাৰ সিদ্ধান্ত লৈছে আৰু প্ৰতিখন জিলাৰ পৰা ১০০টা নমুনা লোৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। CSIR আৰু IGIBৰ নেতৃত্বত সংগ্ৰহ কৰা হৈছে নমুনা। স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কৈছে - '১৫ মে'ৰ পৰা ৭,৫০০ টা নমুনা লোৱা হৈছে, প্ৰায় ২১টা ডেল্টা প্লাছ কেছ পোৱা গৈছে।'
আনহাতে, কেৰালাৰ দুখন জিলা (Kerala) পালাক্কাড আৰু পাথানামথিট্টা পৰা সংগ্ৰহ কৰা নমুনাত এছএআৰএছ-চিঅ'ভি-২ ডেল্টা-প্লাছ প্ৰকাৰৰ কমেও তিনিটা ঘটনা পোৱা গৈছে। বিষয়াসকলে সোমবাৰে প্ৰকাশ কৰিছিল এই তথ্য। পাঠানামথিট্টা জিলা উপায়ুক্ত ড০ নৰসিংহুগ্ৰী টি এল ৰেড্ডীয়ে কৈছিল যে জিলাখনৰ কাডাপাৰা পঞ্চায়তৰ এজন চাৰি বছৰীয়া শিশু ভাইৰাছটোৰ নতুন ডেল্টা-প্লাছ প্ৰকাৰৰ দ্বাৰা সংক্ৰমিত হৈছে।
নতুন প্ৰকাৰটো CSIR-IGIBত শিশুটিৰ নমুনাৰ পৰা কৰা জেনম চিকোয়েন্সিঙত চিনাক্ত কৰা হৈছিল। বিষয়াসকলে কৈছিল যে প্ৰশাসনে ইয়াৰ সংক্ৰমণ প্ৰতিহত কৰিবলৈ দুয়োখন জিলাৰ প্ৰভাৱিত অঞ্চলত কঠোৰ পদক্ষেপ লৈছে। অৱশ্যে বিগত সপ্তাহত নীতি আয়োগৰ সদস্য (স্বাস্থ্য), ডাঃ ভিকে পলে কৈছিল যে নতুনকৈ আৱিষ্কৃত ডেল্টা প্লাছ প্ৰকাৰটোক এতিয়াও উদ্বেগজনক প্ৰকাৰ হিচাপে শ্ৰেণীবদ্ধ কৰা হোৱা নাই।
Delta+ Variantৰ প্ৰথম তথ্য মধ্যপ্ৰদেশত
ভাৰতত ডেল্টা প্লাছ ভেৰিয়েণ্টৰ প্ৰথমটো ঘটনা মধ্য প্ৰদেশৰ (Madhya Pradesh) ৰাজধানী ভূপালৰ এগৰাকী ৬৫ বছৰীয়া মহিলাৰ শৰীৰত চিনাক্ত কৰা হৈছিল। মহিলাগৰাকী হোম আইছ’লেচনত থাকিয়েই কোভিড-১৯ মুক্ত হৈ পৰিছিল আৰু তেওঁক ভেকচিনৰ দুয়োটা পালি প্ৰদান কৰা হৈছিল। তেওঁৰ নমুনা ২৩ মে'ত লোৱা হৈছিল আৰু ১৬ জুনত নেচনেল চেন্ট্ৰেল ফৰ ডিজিজ কন্ট্ৰোল (এনচিডিচি)ৰ এক প্ৰতিবেদনত কোৱা হৈছিল যে তেওঁ ডেল্টা প্লাছ প্ৰকাৰৰ দ্বাৰা সংক্ৰমিত হৈছিল।
হিন্দী বাতৰি কাকত হিন্দুস্তানৰ এক প্ৰতিবেদন অনুসৰি, ৰাজ্যখনৰ শিৱপুৰী জিলাত চাৰিজন লোক ডেল্টা প্লাছ ভেৰিয়েণ্টৰ দ্বাৰা সংক্ৰমিত হোৱাৰ তথ্য পোৱা গৈছিল। প্ৰতিবেদনখনে দাবী কৰিছিল যে চাৰিজনক টিকাকৰণ কৰা হৈছিল আৰু সংক্ৰমণৰ পিছত তেওঁলোকৰ মৃত্যু হৈছিল।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|