• Home
  • »
  • News
  • »
  • nation
  • »
  • Covid19 India: দেশত ক্ৰমাৎ হ্ৰাস পাইছে কোৰোণাত আক্ৰান্তৰ সংখ্যা, বিগত ২৪ ঘণ্টাত আক্ৰান্ত ১৪,১৪৬জন

Covid19 India: দেশত ক্ৰমাৎ হ্ৰাস পাইছে কোৰোণাত আক্ৰান্তৰ সংখ্যা, বিগত ২৪ ঘণ্টাত আক্ৰান্ত ১৪,১৪৬জন

নতুন সংখ্যাকে ধৰি দেশত কোৰোণাত আক্ৰান্তৰ সংখ্যা হৈছেগৈ ৩ কোটি ৪০ লাখ ৬৭ হাজাৰ ৭১৯জন।

নতুন সংখ্যাকে ধৰি দেশত কোৰোণাত আক্ৰান্তৰ সংখ্যা হৈছেগৈ ৩ কোটি ৪০ লাখ ৬৭ হাজাৰ ৭১৯জন।

নতুন সংখ্যাকে ধৰি দেশত কোৰোণাত আক্ৰান্তৰ সংখ্যা হৈছেগৈ ৩ কোটি ৪০ লাখ ৬৭ হাজাৰ ৭১৯জন।

  • Share this:
দেশত কোৰোণা ভাইৰাছৰ সংক্ৰমণ ক্ৰমাৎ হ্ৰাস পাবলৈ ধৰিছে। দেওবাৰে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে জাৰি কৰা তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত ১৪ হাজাৰ ১৪৬জন লোক আক্ৰান্ত হৈছে এই সংক্ৰামক ৰোগত। আনহাতে এই সময়ছোৱাত ১৯,৭৮৮জন লোক কোৰোণাক জয় কৰি সুস্থ হৈ উঠিছে। অৱশ্যে শনিবাৰে ১৪৪জন লোকৰ মৃত্যু হয় কোৰোণাৰ ফলত।

নতুন সংখ্যাকে ধৰি দেশত কোৰোণাত আক্ৰান্তৰ সংখ্যা হৈছেগৈ ৩ কোটি ৪০ লাখ ৬৭ হাজাৰ ৭১৯জন। ইয়াৰ ভিতৰত বৰ্তমান ১ লাখ ৯৫ হাজাৰ ৮৪৬টা সক্ৰিয় ঘটনা আছে। আনহাতে, ৩ কোটি ৩৪ লাখ ১৯ হাজাৰ ৭৪৯জন লোক সুস্থ হৈ উঠিছে।

এই ৰোগত দেশত এতিয়ালৈ ৪ লাখ ৫২ হাজাৰ ১২৪জন লোকৰ মৃত্যু হৈছে। আনহাতে, দেশত এতিয়ালৈ ৯৭ কোটি ৬৫ লাখ ৮৯ হাজাৰ ৫৪০ পালি ভেকচিন প্ৰদান কৰা হৈছে।
Published by:Sanjay Kumar Das
First published: