মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»COVID-19 In India: বহু পৰিমাণে হ্ৰাস কোৰোণাত আক্ৰান্তৰ সংখ্যা, বিগত ২৪ ঘণ্টাত দেশত ৩০ হাজাৰ আক্ৰান্ত

COVID-19 In India: বহু পৰিমাণে হ্ৰাস কোৰোণাত আক্ৰান্তৰ সংখ্যা, বিগত ২৪ ঘণ্টাত দেশত ৩০ হাজাৰ আক্ৰান্ত

News18 Assam | News18-Assam
Updated:August 3, 2021, 11:34 AM IST
COVID-19 In India: বহু পৰিমাণে হ্ৰাস কোৰোণাত আক্ৰান্তৰ সংখ্যা, বিগত ২৪ ঘণ্টাত দেশত ৩০ হাজাৰ আক্ৰান্ত
দেশত বিগত ২৪ ঘণ্টাত ৩০,৫৪৯জন লোক নতুনকৈ আক্ৰান্ত হৈছে কোভিডত। মৃত্যু হৈছে ৪২২জন লোকৰ।

দেশত বিগত ২৪ ঘণ্টাত ৩০,৫৪৯জন লোক নতুনকৈ আক্ৰান্ত হৈছে কোভিডত। মৃত্যু হৈছে ৪২২জন লোকৰ।

  • Share this:
দেশত কোৰোণা ভাইৰাছৰ (Coronavirus In India) সংক্ৰমণৰ সংখ্যা পুনৰ হ্ৰাস পাইছে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত ৩০ হাজাতকৈ অলপ বেছি লোক আক্ৰান্ত হৈছে কোৰোণাত। ৬ দিনৰ পিছত আক্ৰান্তৰ সংখ্যা ৪০ হাজাৰতকৈ কম দেখা গৈছে। দেশত বিগত ২৪ ঘণ্টাত ৩০,৫৪৯জন লোক নতুনকৈ আক্ৰান্ত হৈছে কোভিডত। মৃত্যু হৈছে ৪২২জন লোকৰ। ইয়াৰ লগতে ৩৮,৮৮৭জন লোক সুস্থ হৈ উঠিছে।

নতুন আক্ৰান্তৰ সংখ্যাকে ধৰি বৰ্তমান ৪,০৪,৯৫৮জন লোক আক্ৰান্ত হৈ আছে কোৰোণাত। বিগত ২৪ ঘণ্টাত দেশত সক্ৰিয় ঘটনা ৮,৭৬০জন কমিছে। আনহাতে, মুঠ সুস্থ হৈ উঠা লোকৰ সংখ্যা ৩,০৮,৯৬,৩৫৪জন। দেশত এতিয়ালৈ মুঠ মৃত্যু হোৱা লোকৰ সংখ্যা ৪,২৫,১৯৫জন। মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, এতিয়ালৈ দেশত কোৰোণাত আক্ৰান্ত হৈছে ৩,১৭,২৬,৫০৭জন লোক।
Published by: Sanjay Kumar Das
First published: August 3, 2021, 11:34 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি