• Home
  • »
  • News
  • »
  • nation
  • »
  • Coronavirus In India : অমিক্ৰনৰ বৰ্ধিত সংখ্যাৰ মাজতে দেশত কোৰোণাৰ ৭,০৮১টা নতুন ঘটনা, বিগত ২৪ ঘণ্টাত ২৬৪জনৰ মৃত্যু

Coronavirus In India : অমিক্ৰনৰ বৰ্ধিত সংখ্যাৰ মাজতে দেশত কোৰোণাৰ ৭,০৮১টা নতুন ঘটনা, বিগত ২৪ ঘণ্টাত ২৬৪জনৰ মৃত্যু

দেশত এতিয়ালৈ ১ আৰব ৩৭ কোটি ৪৬ লাখ ১৩ হাজাৰ ২৫২ পালি ভেকচিন প্ৰদান কৰা হৈছে, য’ত শনিবাৰে প্ৰদান কৰা হয় ৭৬ লাখ ৫৪ হাজাৰ ৪৬৬জন লোক।

দেশত এতিয়ালৈ ১ আৰব ৩৭ কোটি ৪৬ লাখ ১৩ হাজাৰ ২৫২ পালি ভেকচিন প্ৰদান কৰা হৈছে, য’ত শনিবাৰে প্ৰদান কৰা হয় ৭৬ লাখ ৫৪ হাজাৰ ৪৬৬জন লোক।

দেশত এতিয়ালৈ ১ আৰব ৩৭ কোটি ৪৬ লাখ ১৩ হাজাৰ ২৫২ পালি ভেকচিন প্ৰদান কৰা হৈছে, য’ত শনিবাৰে প্ৰদান কৰা হয় ৭৬ লাখ ৫৪ হাজাৰ ৪৬৬জন লোক।

  • Share this:


দেশত কোৰোণাৰ সংক্ৰমণ (Coronavirus In India)ৰ ঘটনা দিনক দিনে হ্ৰাস পাই আহিছে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত দেশত ৭ হাজাৰ ৮১জন লোক আক্ৰান্ত হৈছে কোৰোণাত। আনহাতে, ৭ হাজাৰ ৪৬৯জন লোক সুস্থ হৈ উঠিছে। মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, এই সময়ছোৱাত ২৬৪জন লোকৰ মৃত্যু হৈছে। দেশত বৰ্তমান ৮৩ হাজাৰ ৯১৩টা সক্ৰিয় ঘটনা থকাৰ বিপৰীতে ৩ কোটি ৪১ লাখ ৭৮ হাজাৰ ৯৪০জন লোক সুস্থ হৈ উঠিছে। ইফালে, এতিয়ালৈ ৪ লাখ ৭৭ হাজাৰ ৪২২জন ৰোগীৰ মৃত্যু হৈছে এই মহামাৰীত। দেশত এতিয়ালৈ ১ আৰব ৩৭ কোটি ৪৬ লাখ ১৩ হাজাৰ ২৫২ পালি ভেকচিন প্ৰদান কৰা হৈছে, য’ত শনিবাৰে প্ৰদান কৰা হয় ৭৬ লাখ ৫৪ হাজাৰ ৪৬৬জন লোক।

আনহাতে, ভাৰতত কোৰোণা ভাইৰাছৰ অমিক্ৰন ভেৰিয়েণ্ট (Omicron Variant In India)ত সংক্ৰমিত মুঠ ৰোগীৰ সংখ্যা শনিবাৰে ১৩৮জন হৈছেগৈ। কেন্দ্ৰ আৰু ৰাজ্যৰ তথ্য অনুসৰি, এতিয়ালৈ ১১খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ ভিতৰত মহাৰাষ্ট্ৰ (৪৩), দিল্লী (২২), ৰাজস্থান (১৭) আৰু কৰ্ণাটকত (১৪), তেলেংগানা (২০), গুজৰাট (৭), কেৰালা (১১), অন্ধ্ৰ প্ৰদেশ (১), চণ্ডীগড় (১), তামিলনাডু (১) আৰু পশ্চিম বংগত (১)ত অমিক্ৰনৰ ঘটনা পোহৰলৈ আহিছে।

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese

Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি