মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»Coronavirus In India: দেশত বিগত ২৪ ঘণ্টাত কোৰোণাত আক্ৰান্ত ৩১,২২২জন, মৃত্যু ২৯০জনৰ

Coronavirus In India: দেশত বিগত ২৪ ঘণ্টাত কোৰোণাত আক্ৰান্ত ৩১,২২২জন, মৃত্যু ২৯০জনৰ

Sanjay Kumar Das | News18-Assam
Updated:September 7, 2021, 10:26 AM IST
Coronavirus In India: দেশত বিগত ২৪ ঘণ্টাত কোৰোণাত আক্ৰান্ত ৩১,২২২জন, মৃত্যু ২৯০জনৰ
মন্ত্ৰণালয়ৰ মতে, দেশত বৰ্তমান ৩ লাখ ৯২ হাজাৰ ৮৬৪জন লোক চিকিৎসাধীন হৈ আছে।

মন্ত্ৰণালয়ৰ মতে, দেশত বৰ্তমান ৩ লাখ ৯২ হাজাৰ ৮৬৪জন লোক চিকিৎসাধীন হৈ আছে।

  • News18 Assam
  • Last Updated: September 7, 2021, 10:26 AM IST
  • Share this:
দেশত কোৰোণাত আক্ৰান্তৰ সংখ্যা (Coronavirus In India) পুনৰ কিছু হ্ৰাস পোৱা পৰিলক্ষিত হৈছে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ তথ্য মতে, দেশত বিগত ২৪ ঘণ্টাত ৩১,২২২জন লোক কোৰোণাত আক্ৰান্ত হৈছে। এই সময়ছোৱাত ২৯০জনৰ লোকে হেৰুৱাইছে প্ৰাণ। আনহাতে, ৪২ হাজাৰ ৯৪২জন লোক সুস্থ হৈ উঠিছে বিগত ২৪ ঘণ্টাত।

মন্ত্ৰণালয়ৰ মতে, দেশত বৰ্তমান ৩ লাখ ৯২ হাজাৰ ৮৬৪জন লোক চিকিৎসাধীন হৈ আছে। এতিয়ালৈ কোৰোণাত পৰাজিত কৰি সুস্থ হৈ উঠিছে ৩ কোটি ২২ লাখ ২৪ হাজাৰ ৯৩৭জন লোক। আনহাতে, কোৰোণাত মৃত্যু হোৱা লোকৰ সংখ্যা ৪ লাখ ৪১ হাজাৰ ৪২জন।

স্বাস্থ্য মন্ত্ৰণালয়ৰ মতে, দেশত এতিয়ালৈ কোৰোণাত আক্ৰান্তৰ মুঠ সংখ্যা ৩ কোটি ৩০ লাখ ৫৮ হাজাৰ ৮৪৩জন। এতিয়ালৈ দেশত মুঠ ৬৯ কোটি ৯০ লাখ ৬২ হাজাৰ ৭৭৬জন লোকক কোৰোণাৰ ভেকচিন প্ৰদান কৰা হৈছে।
Published by: Sanjay Kumar Das
First published: September 7, 2021, 10:26 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি