মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»Coronavirus In India : শেষ হোৱা নাই কোৰোণাৰ প্ৰকোপ, ২৪ ঘণ্টাত দেশত ২৬,৯৬৪জন লোক কোৰোণাত আক্ৰান্ত

Coronavirus In India : শেষ হোৱা নাই কোৰোণাৰ প্ৰকোপ, ২৪ ঘণ্টাত দেশত ২৬,৯৬৪জন লোক কোৰোণাত আক্ৰান্ত

News18 Assam | News18-Assam
Updated:September 22, 2021, 10:29 AM IST
Coronavirus In India : শেষ হোৱা নাই কোৰোণাৰ প্ৰকোপ, ২৪ ঘণ্টাত দেশত ২৬,৯৬৪জন লোক কোৰোণাত আক্ৰান্ত
এতিয়ালৈকে দেশত ৩,২৭,৮৩,৭৪১জন লোক সুস্থ হৈ উঠিছে।

এতিয়ালৈকে দেশত ৩,২৭,৮৩,৭৪১জন লোক সুস্থ হৈ উঠিছে।

  • News18 Assam
  • Last Updated: September 22, 2021, 10:29 AM IST
  • Share this:


দেশত কোৰোণা ভাইৰাছৰ সংক্ৰমণৰ ঘটনাৰ উত্থান–পতন অব্যাহত আছে। কেন্দ্ৰীয় স্বাস্থ্য আরু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ তথ্য মতে, বিগত ২৪ ঘণ্টাত দেশত ২৬,৯৬৪জন লোক কোৰোণাত আক্ৰান্ত হৈছে। এই সময়ছোৱাত ৩৮৩জন লোকে প্ৰাণ হেৰুৱাইছে কোভিডত আক্ৰান্ত হৈ। আনহাতে, ৩৪,১৬৭জন লোক সুস্থ হৈ উঠিছে। মন্ত্ৰণালয়ৰ মতে, দেশত বৰ্তমান ৩,০১,৯৮৯টা সক্ৰিয় ঘটনা আছে।

এতিয়ালৈকে দেশত ৩,২৭,৮৩,৭৪১জন লোক সুস্থ হৈ উঠিছে। মৃত্যু হৈছে ৪,৪৫,৭৬৮জন লোকৰ। এতিয়ালৈ দেশত মুঠ ৩৩,০৮৫,৭৩০জন লোক আক্ৰান্ত হৈছে। আনহাতে, আইচিএমআৰৰ তথ্য অনুসৰি মঙলবাৰে দেশত ১৫,৯২,৩৯৫জন লোকৰ টেষ্ট কৰা হয়। এতিয়ালৈকে মুঠ ৫৫,৬৭,৫৪,২৮২টা পৰীক্ষা কৰা হৈছে দেশত।

Published by: Sanjay Kumar Das
First published: September 22, 2021, 10:29 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি