• Home
  • »
  • News
  • »
  • nation
  • »
  • Covid 19 India: দেশত ২৪ ঘণ্টাত ১৬,৬৮২জন লোক কোৰোণাত আক্ৰান্ত, ৩৭৯জনৰ মৃত্যু

Covid 19 India: দেশত ২৪ ঘণ্টাত ১৬,৬৮২জন লোক কোৰোণাত আক্ৰান্ত, ৩৭৯জনৰ মৃত্যু

মন্ত্ৰণালয়ে প্ৰকাশ কৰিছে যে দেশত বৰ্তমান কোৰোণাত আক্ৰান্ত মুঠ লোকৰ সংখ্যা ৩ কোটি ৪০ লাখ ৩৭ হাজাৰ ৫৯২জন।

  • Share this:
দেশত কোৰোণাৰ তৃতীয় ঢৌৰ আশংকাৰ মাজতে আক্ৰান্তৰ সংখ্যা ক্ৰমান্বয়ে হ্ৰাস পোৱা পৰিলক্ষিত হৈছে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে শুকুৰবাৰে প্ৰকাশ কৰিছে যে দেশত বিগত ২৪ ঘণ্টাত ১৬ হাজাৰ ৬২৮জন লোক আক্ৰান্ত হৈছে। ৩৭৯জন লোক মৃত্যুমুখত পৰিছে কোৰোণা ভাইৰাছত আক্ৰান্ত হৈ। এই সময়ছোৱাত ১৯ হাজাৰ ৩৯১জন লোক সুস্থ হৈ উঠিছে।

মন্ত্ৰণালয়ৰ মতে, দেশত বৰ্তমান ২ লাখ ৩ হাজাৰ ৬৭৮জন লোকৰ চিকিৎসা চলি আছে আৰু ৩ কোটি ৩৩ লাখ ৮২ হাজাৰ ১১০জন লোক কোভিডৰ পৰা আৰোগ্য লাভ কৰি ঘৰলৈ উভতিছে। অৱশ্যে এই সংক্ৰামক ৰোগত এতিয়ালৈ দেশত ৪ লাখ ৫১ হাজাৰ ৮১৪জন লোকৰ মৃত্যু হৈছে।

মন্ত্ৰণালয়ে প্ৰকাশ কৰিছে যে দেশত বৰ্তমান কোৰোণাত আক্ৰান্ত মুঠ লোকৰ সংখ্যা ৩ কোটি ৪০ লাখ ৩৭ হাজাৰ ৫৯২জন।
Published by:Sanjay Kumar Das
First published: