দেশত কোৰোণাৰ সংক্ৰমণ মঙলবাৰে পুনৰ কিছু বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে জাৰি কৰা তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত দেশত ১১ হাজাৰ ৯০৩জন লোক কোৰোণাত নতুনকৈ আক্ৰান্ত হৈছে। আনহাতে ৩১১জন লোকে এই দিনটোত প্ৰাণ হেৰুৱাইছে।
মন্ত্ৰণালয়ৰ তথ্য মতে, বিগত ২৪ ঘণ্টাত ১৩ হাজাৰ ১৫৯জন লোকে কোৰোণাক জয় কৰি সুস্থ হৈ উঠিছে। বৰ্তমান ১ লাখ ৫১ হাজাৰ ২০৯জন লোক আক্ৰান্ত হৈ আছে এই মহামাৰীত। এতিয়ালৈ ৩ কোটি ৩৬ লাখ ৯৭ হাজাৰ ৭৪০জন লোক কোৰোণাক পৰাস্ত কৰি সুস্থ হৈ উঠিছে। কোভিডৰ ফলত ভাৰতত এতিয়ালৈ ৪ লাখ ৫৯ হাজাৰ ১৯১জন লোকৰ মৃত্যু হৈছে।
আনপাতে, টিকাকৰণৰ কথা ক’বলৈ গ’লে মঙলবাৰলৈ কোভিড ভেকচিনৰ ১০৭ কোটিৰো অধিক পালি প্ৰদান কৰা হৈছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে এই তথ্য সদৰি কৰিছে। মন্ত্ৰণালয়ে কয় যে মঙলবাৰে ৪১ লাখ ১৬ হাজাৰ ২৩০ পালি ভেকচিন প্ৰদান কৰা হৈছে। এই সংখ্যাকে ধৰি এতিয়ালৈ ১ আৰব ২৯ লাখ ৬৬ হাজাৰ ৩১৫ পালি প্ৰদান কৰা হৈছে।