• Home
  • »
  • News
  • »
  • nation
  • »
  • Coronavirus Update: বিগত ২৪ ঘণ্টাত দেশত ১৮,৪৫৪জন লোক আক্ৰান্ত কোৰোণাত, মৃত্যু ১৬০জনৰ

Coronavirus Update: বিগত ২৪ ঘণ্টাত দেশত ১৮,৪৫৪জন লোক আক্ৰান্ত কোৰোণাত, মৃত্যু ১৬০জনৰ

তিয়ালৈ ৪ লাখ ৫২ হাজাৰ ৮১১জন লোকে প্ৰাণ হেৰুৱাইছে এই মহামাৰীত। বৰ্তমান ১ লাখ ৭৮ হাজাৰ ৮৩১জন লোকৰ চিকিৎসা চলি আছে।

  • Share this:

কোৰোণা ভাইৰাছৰ সংক্ৰমণৰ ঘটনাৰ উত্থান–পতন অব্যাহত আছে। বিগত ২৪ ঘণ্টাত দেশত কোভিড–১৯ত ১৮ হাজাৰ ৪৫৪জন লোক আক্ৰান্ত হৈছে। ১৬০জন লোকৰ মৃত্যু হৈছে এই সময়ছোৱাত। নতুন সংখ্যাকে ধৰি দেশত মুঠ আক্ৰান্তৰ সংখ্যা ৩ কোটি ৪১ লাখ ২৭ হাজাৰ ৪৫০জন হৈছেগৈ। আনহাতে, এতিয়ালৈ ৪ লাখ ৫২ হাজাৰ ৮১১জন লোকে প্ৰাণ হেৰুৱাইছে এই মহামাৰীত। বৰ্তমান ১ লাখ ৭৮ হাজাৰ ৮৩১জন লোকৰ চিকিৎসা চলি আছে।

ভাৰতে ১০০ কোটি টিকাকৰণৰ সংখ্যা পাৰ কৰিছে ইতিমধ্যে। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডভিয়াই বুধবাৰে টিকাকৰণৰ বাবে যোগ্য লোকে পলম নকৰি টিকা লোৱা আৰু ভাৰতৰ ঐতিহাসিক টিকাকৰণ যাত্ৰাত অংশগ্ৰহণৰ বাবে আহ্বান জনাইছিল। ভাৰতত টিকাকৰণৰ জৰিয়তে ১০০ কোটি ড’জ ভেকচিন প্ৰদানৰ উৎসৱ পালনৰ বাবে কেইবাটাও কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। দেশত ১০০ কোটি পালি ভেকচিন প্ৰদান উপলক্ষে মাণ্ডভিয়াই লালকিল্লাৰ পৰা গায়ক কৈলাশ খেৰৰ গীত আৰু অডিঅ’–ভিজুৱেল ফিল্ম আৰম্ভ কৰিব।

Published by:Sanjay Kumar Das
First published: