• Home
  • »
  • News
  • »
  • nation
  • »
  • Coronavirus Update: বিগত ২৪ ঘণ্টাত দেশত ১২,৪২৮জন লোক কোভিডত আক্ৰান্ত, অসমত কিমান?

Coronavirus Update: বিগত ২৪ ঘণ্টাত দেশত ১২,৪২৮জন লোক কোভিডত আক্ৰান্ত, অসমত কিমান?

অসমত বৰ্তমান সক্ৰিয় ঘটনা আছে ৩৮৮২টা। বিগত ২৪ ঘণ্টাত ৩২৬জন লোক কোৰোণাত আক্ৰান্ত হয় আৰু ১০জন লোকৰ মৃত্যু হয় অসমত।

  • Share this:
কোৰোণা ভাইৰাছ (Coronavirus)ৰ সংক্ৰমণ লাহে লাহে হ্ৰাস পোৱা পৰিলক্ষিত হৈছে। বিগত ২৪ ঘণ্টাত দেশত ১২ হাজাৰ ৪২৮জন লোক আক্ৰান্ত হয় কোভিড ১৯ত। মৃত্যু হৈছে ৩৫৬জন লোকৰ। নতুন সংখ্যাকে ধৰি দেশত কোৰোণাৰ সংক্ৰমণৰ চিকাৰ হোৱা লোকৰ সংখ্যা ৩ কোটি ৪২ লাখ ২ হাজাৰ ২০২জন হৈছেগৈ। আনহাতে, এতিয়ালৈ ৪ লাখ ৫৫ হাজাৰ ৬৮জন লোকৰ মৃত্যু হৈছে এই মহামাৰীত। বৰ্তমান দেশত ১ লাখ ৬৩ হাজাৰ ৮১৬জন লোকৰ চিকিৎসা চলি আছে।

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত ১৫,৯৫১জন লোক সুস্থ হৈ উঠিছে। এতিয়ালৈ দেশত এই ভাইৰাছত আক্ৰান্ত হৈ সুস্থ হোৱা লোকৰ সংখ্যা হৈছে ৩ কোটি ৩৫ লাখ ৮৩ হাজাৰ ৩১৮জন।

আনহাতে, অসমত বৰ্তমান সক্ৰিয় ঘটনা আছে ৩৮৮২টা। বিগত ২৪ ঘণ্টাত ৩২৬জন লোক কোৰোণাত আক্ৰান্ত হয় আৰু ১০জন লোকৰ মৃত্যু হয় অসমত।
Published by:Sanjay Kumar Das
First published: