உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • ১ এপ্ৰিলৰ পৰা দাম বাঢ়িব পেট্ৰ’ল–ডিজেলৰ, ১০টকাৰ পৰা ২০টকালৈ বাঢ়িব পাৰে দাম!

    ১ এপ্ৰিলৰ পৰা দাম বাঢ়িব পেট্ৰ’ল–ডিজেলৰ, ১০টকাৰ পৰা ২০টকালৈ বাঢ়িব পাৰে দাম!

    চৰকাৰে আইন সংশোধন কৰি পেট্ৰ’ল আৰু ডিজেলৰ উৎপাদন শুল্ক প্ৰতি লিটাৰত ৮টকালৈকে বৃদ্ধি কৰাৰ অধিকাৰ অৰ্জন কৰিছে। 

    চৰকাৰে আইন সংশোধন কৰি পেট্ৰ’ল আৰু ডিজেলৰ উৎপাদন শুল্ক প্ৰতি লিটাৰত ৮টকালৈকে বৃদ্ধি কৰাৰ অধিকাৰ অৰ্জন কৰিছে। 

    চৰকাৰে আইন সংশোধন কৰি পেট্ৰ’ল আৰু ডিজেলৰ উৎপাদন শুল্ক প্ৰতি লিটাৰত ৮টকালৈকে বৃদ্ধি কৰাৰ অধিকাৰ অৰ্জন কৰিছে। 

    • Share this:
    নতুন দিল্লীঃ খাৰুৱা তেলৰ মূল্য হ্ৰাস পোৱাৰ সম্পূৰ্ণ লাভ উপভোক্তাই নাপায়। চৰকাৰে এই সুযোগ গ্ৰহণ কৰি ৰাজকোষ ভৰ্তি কৰাৰ প্ৰস্তুতি চলাইছে। চৰকাৰে আইন সংশোধন কৰি পেট্ৰ’ল–ডিজেলৰ উত্‍পাদন শুল্ক ৮টকা প্ৰতি লিটাৰত বৃদ্ধি কৰাৰ অধিকাৰ লাভ কৰিছে।  ইয়াৰ পিছত চৰকাৰে আগন্তুক সময়ত যেতিয়াই তেতিয়াই পেট্ৰ’ল ডিজেলৰ ওপৰত ৮টকালৈকে উত্‍পাদন শুল্ক বৃদ্ধি কৰিব পাৰে।

    ১৮টকা লিটাৰ হ’ব পাৰে এক্সাইজ ডিউটি

    নিৰ্মলা সীতাৰমণে লোকসভাত বিত্ত বিধেয়ক ২০২০ৰ সংশোধনী উত্থাপন কৰে, য’ত ইন্ধনৰ ওপৰত ভৱিষ্যতে এক নিৰ্দিষ্ট সীমালৈকে উৎপাদন শুল্ক বৃদ্ধি কৰাৰ প্ৰস্তাৱ লোৱা হৈছিল। সদনত বিধেয়কখন বিনা চৰ্চাৰে পাৰিত হ’ল। এই সংশোধনীৰ পিছত চৰকাৰে পেট্ৰ’লৰ ওপৰত অতিৰিক্ত বিশেষ উত্‍পাদন শুল্ক প্ৰতি লিটাৰত ১০টকাৰ পৰা বৃদ্ধি কৰি ১৮টকা আৰু ডিজেলৰ ৪টকাৰ পৰা বৃদ্ধি কৰি ১২টকা প্ৰতি লিটাৰ কৰিব পাৰে।

    কেন্দ্ৰই ইয়াৰ পূৰ্বে ১৪ মাৰ্চত দুয়োবিধ ইন্ধনৰ ওপৰত উৎপাদন শুল্ক ৩টকা প্ৰতি লিটাৰত বৃদ্ধি কৰাৰ ঘোষণা কৰিছিল। এই বৃদ্ধিৰ ফলত চৰকাৰে ৩৯,০০০কোটি টকাৰ ৰাজহ লাভ কৰিব পাৰে। এই শুল্কৰ বৃদ্ধিত ২টকা বিশেষ অতিৰিক্ত উৎপাদন শুল্কৰ সহায়ত ২টকা আৰু পথ, আন্তঃগাথনিৰ শুল্কত ১টকা প্ৰতি লিটাৰত বৃদ্ধি কৰা হৈছিল। মুঠতে ৩টকা বাঢ়িছিল দাম। আগন্তুক সময়ত চৰকাৰে ইচ্ছা কৰিলে খাৰুৱা তেলৰ হ্ৰাস পোৱা মূল্যৰ সুযোগত আৰু বৃদ্ধি কৰিব পাৰে দাম। কাৰণ আগৰ আইনমতে কেন্দ্ৰই পেট্ৰ’লৰ প্ৰতি লিটাৰত উৎপাদন শুল্ক সৰ্বাধিক ১০টকা আৰু ডিজেলৰ ৪টকা বৃদ্ধি কৰিব পাৰিছিল। এতিয়া আইন সংশোধনী কৰি পেট্ৰ’লৰ উত্‍পাদন শুল্ক বৃদ্ধিৰ সীমা ১৮টকা প্ৰতি লিটাৰ আৰু ডিজেলৰ ১২টকা প্ৰতি লিটাৰ কৰি লৈছে।
    Published by:Tulika Devi
    First published: