• Home
  • »
  • News
  • »
  • nation
  • »
  • Corona Vaccination: সাৱধান! ভেকচিনৰ দুয়োটা ড’জ লোৱাৰ পিছতো কমা নাই শংকা, আক্ৰান্ত হ’ব পাৰে ডেল্টা ভেৰিয়েণ্টত

Corona Vaccination: সাৱধান! ভেকচিনৰ দুয়োটা ড’জ লোৱাৰ পিছতো কমা নাই শংকা, আক্ৰান্ত হ’ব পাৰে ডেল্টা ভেৰিয়েণ্টত

বিশেষসকলে সংক্ৰমণত নিয়ন্ত্ৰণ আনিবলৈ সাৱধানৰ উপায়সমূহ প্ৰয়োজনীয় বুলি উল্লেখ কৰিছে আৰু মানুহক মাস্ক পিন্ধাৰ পৰামৰ্শ প্ৰদান কৰিছে।

বিশেষসকলে সংক্ৰমণত নিয়ন্ত্ৰণ আনিবলৈ সাৱধানৰ উপায়সমূহ প্ৰয়োজনীয় বুলি উল্লেখ কৰিছে আৰু মানুহক মাস্ক পিন্ধাৰ পৰামৰ্শ প্ৰদান কৰিছে।

বিশেষসকলে সংক্ৰমণত নিয়ন্ত্ৰণ আনিবলৈ সাৱধানৰ উপায়সমূহ প্ৰয়োজনীয় বুলি উল্লেখ কৰিছে আৰু মানুহক মাস্ক পিন্ধাৰ পৰামৰ্শ প্ৰদান কৰিছে।

  • Share this:
কোৰোণা ভাইৰাছ (Coronavirus)ৰ ডেল্টা ভেৰিয়েণ্ট (Delta Variant) ইমানেই বিপজ্জনক যে ই টিকাকৰণ হোৱা লোককো সংক্ৰমিত কৰিব পাৰে। এক নতুন অধ্যয়নত এই কথা পোহৰলৈ আহিছে। অধ্যয়নটোত কোৱা হৈছে যে ডেল্টা ভেৰিয়েণ্টৰ পৰা ৰক্ষা পোৱাৰ বাবে ভেকচিনৰ লগতে নিয়ন্ত্ৰণৰ উপায়ো প্ৰয়োজনীয়। এই অধ্যয়ন দিল্লীৰ দুখন হাস্পতালত কৰা হৈছিল। অধ্যয়নত পোৱা গৈছে যে ভেকচিনে সংক্ৰমণৰ স্থিতিত ভাইৰেল এটেকৰ পৰা ৰক্ষা কৰে।

অৱশ্যে টিকাকৰণৰ (Covid-19 Vaccination) পিছতো ব্ৰেক থ্ৰু ঘটনা দেখা যায়, কিন্তু এই আশংকাও আছে যে সংক্ৰমণে অত্যন্ত হাই ৰিস্ক লোৱা লোকসকলকো চিকাৰ বনাব পাৰে। এই অধ্যয়ন INSACOG কনচৰ্টিয়াম, CSIR আরু নেচনেল চেণ্টাৰ ফৰ ডিজিজ কন্ট্ৰ’লে কৰিছিল। তেওঁলোকে স্বাস্থ্যকৰ্মীৰ সন্মুখলৈ অহা সংক্ৰমণৰ ১১৩ ব্ৰেক থ্ৰু ঘটনাৰ অধ্যয়ন কৰিছিল। ইয়াৰ বাবে গৱেষকে সম্ভাৱিত ট্ৰান্সমিচন নেটৱৰ্ক বনাইছিল আৰু ভাইৰাছ জিনম ছিকুৱেন্স ডাটাৰ বিশ্লেষণ কৰিছিল।

বকোৰ বন্দাপাৰাত ভয়ংকৰ দুৰ্ঘটনা, দুখন বাহনৰ মুখামুখি সংঘৰ্ষত তিনিজন নিহত

পূৰ্বে প্ৰকাশিত অধ্যয়নত গৱেশকসকলে কৈছিল যে ‘আমি অধিকসংখ্যক বিপজ্জনক সেই ঘটনাৰ চিনাক্ত কৰিছো, য’ত সংক্ৰমিত ব্যক্তিৰ পূৰ্ণ টিকাকৰণ হৈছিল। লগতে সেই ঘটনাও চিনাক্ত কৰা হৈছিল য’ত দুজন ব্যক্তিৰ মাজত ভাইৰাছৰ সংক্ৰমণৰ শংকা আছিল আৰু যিসকলে ভেকচিনৰ দুয়োটা ড’জ লৈছে। অধ্যয়নে এবাৰ পুনৰ সম্পূৰ্ণ টিকাকৰণ হোৱা লোকৰ মাজতো সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ সাৱধানতাৰ প্ৰয়োজনীয়তা সূচাইছে।


পেট্ৰ’ল–ডিজেলৰ শেহতীয়া ৰেট জাৰি, জানি লওক আপোনাৰ চহৰত দাম বাঢ়িল নে কমিল?

অধ্যয়নৰ ফলাফলৰ এইবাবেই গুৰুত্বপূৰ্ণ যে মানুহৰ মাজত একপ্ৰকাৰ দায়িত্বহীন আৰু নিশ্চিন্ততাৰ পৰিৱেশ সৃষ্টি হৈছে। বিশেষ তেওঁলোকৰ মাজত যিসকলে ভেকচিন গ্ৰহণ কৰিছে। অধ্যয়নত কোৱা হৈছে যে ভেকচিন এতিয়াও ফলপ্ৰসু আৰু মানুহৰ সংক্ৰমণৰ ঘটনা গম্ভীৰ হোৱাৰ পৰা ৰক্ষা কৰে।

কিন্তু বিশেষজ্ঞসকলে স্পষ্ট কৰি দিছে যে সংক্ৰমণৰ ব্ৰেক থ্ৰুৰ ঘটনা সঁচা। বিশেষসকলে সংক্ৰমণত নিয়ন্ত্ৰণ আনিবলৈ সাৱধানৰ উপায়সমূহ প্ৰয়োজনীয় বুলি উল্লেখ কৰিছে আৰু মানুহক মাস্ক পিন্ধাৰ পৰামৰ্শ প্ৰদান কৰিছে।

Assam News Today | News in Assamese | Latest News in Assamese
Published by:Sanjay Kumar Das
First published: