• Home
  • »
  • News
  • »
  • nation
  • »
  • ভাল খবৰ! দেশীয় ভেকচিন Covaxin-এ প্ৰতিহত কৰিব পাৰে কোৰোণাৰ UK ভেৰিয়েণ্ট

ভাল খবৰ! দেশীয় ভেকচিন Covaxin-এ প্ৰতিহত কৰিব পাৰে কোৰোণাৰ UK ভেৰিয়েণ্ট

ICMRৰ মতে ব্ৰাজিল variant আৰু double mutant SARS-CoV-2কো প্ৰতিহত কৰিব পৰা ক্ষমতা আছে এই  ভেকচিনৰ । 

ICMRৰ মতে ব্ৰাজিল variant আৰু double mutant SARS-CoV-2কো প্ৰতিহত কৰিব পৰা ক্ষমতা আছে এই  ভেকচিনৰ । 

ICMRৰ মতে ব্ৰাজিল variant আৰু double mutant SARS-CoV-2কো প্ৰতিহত কৰিব পৰা ক্ষমতা আছে এই  ভেকচিনৰ । 

  • Share this:
দেশবাসীৰ বাবে সুখবৰ! দেশত চিকিৎসা বিজ্ঞান সম্বন্ধীয় গৱেষণাৰ শীৰ্ষ চৰকাৰী প্ৰতিষ্ঠান Indian Council for Medical Research-এ আজি ঘোষণা কৰা মতে, দেশত প্রস্তুত হোৱা Covxin ভেকচিনৰ আন আক বিশেষত্ব। কোৰোণাৰ UK ভেৰিয়েণ্টক প্ৰতিহত কৰিবলৈ সক্ষম  কোভাক্সিন।

ভাৰত বাইয়’টেক (Bharat Biotech) নামৰ হায়দেৰাবাদৰ প্ৰতিষ্ঠানটোৱে প্ৰস্তুত কৰি উলিওৱা এই প্রতিষেধকে বৰ্তমান Covid-19 মহামাৰীয়ে ভয়ানক ৰূপ ধাৰণ কৰাৰ মূল কাৰণ UK variantকো প্ৰতিহত কৰিব পাৰে। উল্লেখযোগ্য যে,  ICMRৰ মতে ব্ৰাজিল variant আৰু double mutant SARS-CoV-2কো প্ৰতিহত কৰিব পৰা ক্ষমতা আছে এই  ভেকচিনৰ ।

ICMRৰ দ্বাৰা পৰিচালিত National Institute of Virology আৰু ভাৰত বায়’টেকৰ যুটীয়া প্ৰচেষ্টাত প্রস্তুত হৈছিল Covaxin। ই হৈছে Inactivated ভেকচিন। নিষ্প্ৰভ কোৰোণা ভাইৰাছ ব্যৱহাৰ কৰি এই ভেকচিন প্ৰস্তুত কৰা হৈছে । Inactivated ভেকচিন যেতিয়া মানৱ দেহত প্ৰদান কৰা হয়, তেতিয়া শৰীৰৰ ৰোগ প্ৰতিৰোধ প্ৰণালীয়ে নিষ্প্ৰভ ভাইৰাছটোক চিনাক্ত কৰে আৰু তৎক্ষণাত antibody উৎপাদন কৰিবলৈ আৰম্ভ কৰে। গতিকে ভেকচিন লোৱাৰ পিছত যেতিয়া সক্ৰিয় ভাইৰাছ শৰীৰত প্ৰৱেশ কৰে, শৰীৰৰ ৰোগ প্ৰতিৰোধ প্ৰণালীয়ে ইয়াৰ বিৰুদ্ধে যুঁজ দিবলৈ পূৰ্বৰ পৰাই সাজু হৈ থাকে ।

উল্লেখযোগ্য যে, অসমৰ চৰকাৰে ইতিমধ্যে ১ কোটি Covaxinৰ পালি ভাৰত বায়’টেকৰ পৰা ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছে। স্বাস্থ্য বিভাগৰ প্ৰধান সচিবে আজি ভাৰত বায়’টেকৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালকলৈ পত্ৰ প্ৰেৰণ কৰি অসম চৰকাৰৰ এই পৰিকল্পনাৰ কথা সদৰী কৰিছে ।

ভেকচিন প্রদানৰ তৃতীয় পৰ্যায় অহা মে’ৰ ১ তাৰিখৰ পৰা আৰম্ভ হ’ব আৰু এই পৰ্যায়ত ১৮বছৰৰ উৰ্ধ্বৰ লোক সকলকো সাঙুৰি লোৱা হ’ব। এই পৰ্যায়ত ভেকচিন কোম্পানী সমূহে উৎপাদন হোৱা ৫০ শতাংশ ভেকচিন কেন্দ্ৰক যোগান ধৰিব লাগিব আৰু অৱশিষ্ট ৫০শতাংশ ৰাজ্য চৰকাৰ আৰু ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ক পূৰ্বে নিৰ্ধাৰিত মূল্যত বিক্ৰী কৰিব পাৰিব।
Published by:Himangshu Bhuyan
First published: