Corona Cases in India Today- ভাৰতত, ২৪ ঘণ্টাত ২,৫৫,৮৭৪ টা নতুন ক'ৰোনা সংক্ৰমণৰ ঘটনা প্ৰতিবেদিত হৈছে। সোমবাৰৰ তুলনাত, মঙলবাৰে ক'ৰোনাৰ ৫০,১৯০ টা কম ঘটনা নথিভুক্ত কৰা হৈছে। ইয়াৰ পূৰ্বে, দেশত প্ৰতিদিনে ৩ লাখতকৈও অধিক লোক আক্ৰান্ত হৈছিল। শেহতীয়া ২৪ ঘণ্টাত ২,৬৭,৭৫৩ জন লোক ক'ৰোনাৰ পৰা আৰোগ্য হৈছে। দেশত এতিয়া ক'ৰোনাৰ ২২,৩৬,৮৪২ টা এক্টিভ কেছ আছে। সংক্ৰমণৰ হাৰ ১৫.৫২ শতাংশ।
এই সময়ছোৱাত, ৬১৪ জন লোকৰ মৃত্যু হৈছে। মৃত্যুৰ সংখ্যা পূৰ্বৰ দিনটোৰ তুলনাত বৃদ্ধি হৈছে। আগদিনা মৃত্যুৰ সংখ্যা আছিল ৪৩৯। আনহাতে অসমত বিগত ২৪ ঘণ্টাত ৫,৯০২ জন লোক ক'ৰোনাত আক্ৰান্ত হৈছে আৰু ১৮ জন লোকৰ মৃত্যু হৈছে।
Published by: Kokil Sarma
FIRST PUBLISHED : January 25, 2022, 11:10 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।