• Home
  • »
  • News
  • »
  • nation
  • »
  • সাৱধান! আগন্তুক জুনত আহিব কোভিডৰ চতুৰ্থ ঢৌ, ভৱিষ্যতবাণী কৰিলে গৱেষকে...

সাৱধান! আগন্তুক জুনত আহিব কোভিডৰ চতুৰ্থ ঢৌ, ভৱিষ্যতবাণী কৰিলে গৱেষকে...

কানপুৰৰ ইণ্ডিয়ান ইনষ্টিটিউট অব টেকনোলজিৰ বিশেষজ্ঞই কোৰোণা ভাইৰাছৰ আৰু এটা ঢৌৰ পূৰ্বাভাস দিছে।

কানপুৰৰ ইণ্ডিয়ান ইনষ্টিটিউট অব টেকনোলজিৰ বিশেষজ্ঞই কোৰোণা ভাইৰাছৰ আৰু এটা ঢৌৰ পূৰ্বাভাস দিছে।

কানপুৰৰ ইণ্ডিয়ান ইনষ্টিটিউট অব টেকনোলজিৰ বিশেষজ্ঞই কোৰোণা ভাইৰাছৰ আৰু এটা ঢৌৰ পূৰ্বাভাস দিছে।

  • Share this:
২ বছৰতকৈও অধিক সময় ধৰি কোৰোণা ভাইৰাছে বিশ্বজুৰি আতংকৰ সৃষ্টি কৰি আহিছে। ইতিমধ্যে কোভিডৰ তিনিটা ঢৌৰ ধ্বংসৰ সাক্ষী হৈছে বিশ্ববাসী। আটাইতকৈ শেহতীয়া  ওমাইক্ৰন প্ৰকাৰ প্ৰথমে দক্ষিণ আফ্ৰিকাত পোৱা গৈছিল। এতিয়া, সংক্ৰমণ হ্ৰাস হোৱাৰ লগে লগে মানুহে স্বস্তিৰ নিশ্বাস পেলাবলৈ আৰম্ভ কৰিছে।

অৱশ্যে, কানপুৰৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন'লজীৰবিশেষজ্ঞসকলে কোৰোণা ভাইৰাছৰ আন এটা ঢৌৰ ভৱিষ্যতবাণী কৰিছে। গৱেষকসকলে উল্লেখ কৰিছিল যে, পৃথিৱীৰ বহুতো দেশত ইতিমধ্যে তৃতীয় ঢৌ দেখা গৈছে। দক্ষিণ আফ্ৰিকা আৰু জিম্বাবোৱেৰ দৰে কেইখনমান দেশে কোভিড মহামাৰীৰ চতুৰ্থ ঢৌৰ সন্মুখীন হ'বলৈ আৰম্ভ কৰিছে। বিশ্ব স্বাস্থ্য সংস্থাৰ বিষয়াসকলে পূৰ্বেই সতৰ্ক কৰি দিছিল যে, ওমাইক্ৰন অন্তিম কোভিড ভেৰিয়েণ্ট নহ'ব পাৰে আৰু ইয়াৰ পিছৰ ভেৰিয়েণ্ট অধিক ভয়ংকৰ হৈ উঠিব পাৰে।
তেওঁলোকে কোৱা মতে, পৰৱৰ্তী প্ৰজাতিবোৰ কিমান সংক্ৰামক হ'ব, ইয়াৰ কিমান প্ৰভাৱ পৰিব সেয়া আগতীয়াকৈ ক'ব নোৱাৰি।

কেতিয়া আহিব পাৰে কোভিডৰ চতুৰ্থ ঢৌঃ

আইআইটি কানপুৰৰ গণিত আৰু পৰিসংখ্যা বিভাগৰ গৱেষক সবৰাপ্ৰসাদ ৰাজেশভাই, সুভ্ৰা শংকৰ ধৰ আৰু শলভে ভৱিষ্যতবাণী কৰিছে যে, চলিত বছৰৰ ২২ জুনত কোভিডৰ চতুৰ্থ ঢৌ দেশত আহিব পাৰে আৰু ২৪ অক্টোবৰলৈকে চলিব পাৰে। বিশেষজ্ঞসকলৰ মতে, যদি ভৱিষ্যতবাণীবোৰ সঁচা হয়, তেন্তে সেই ঢৌ ৪ মাহ ধৰি চলিব, ১৫-৩১ আগষ্টৰ ভিতৰত শীৰ্ষত উপনীত হ'ব।

ভৱিষ্যতবাণীত কোৱা হৈছে যে, ভাৰতত ডেল্টা প্ৰজাতি চতুৰ্থ ঢৌ ৯৩৬ দিন পিছত আহিব পাৰে। ৩০ জানুৱাৰী, ২০২০ তাৰিখে, ভাৰতত প্ৰথম ডেল্টা প্ৰকাৰ চিনাক্ত কৰা হৈছিল। গৱেষকসকলে ভৱিষ্যতবাণী কৰিবলৈ পৰিসাংখ্যিক পদ্ধতি প্ৰয়োগ কৰিছে।

"এই পদ্ধতিটো আন দেশতো চতুৰ্থ আৰু অন্যান্য তৰংগৰ পূৰ্বানুমান কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি। একেটা গৱেষণা দলে পূৰ্বে ভৱিষ্যতবাণী কৰিছিল যে, ভাৰতত মহামাৰীৰ তৃতীয় ঢৌ ৩ ফেব্ৰুৱাৰী ২০২২ত শীৰ্ষত উঠিব।

কেনেধৰণৰ হ'ব চতুৰ্থ ঢৌঃ

গৱেষকসকলে কৈছে যে, আগন্তুক কোভিড ঢৌৰ তীব্ৰতা বিভিন্ন কাৰকৰ ওপৰত নিৰ্ভৰ কৰিব যাৰ ভিতৰত আছে নতুন প্ৰকাৰৰ উদ্ভৱ, ইয়াৰ সংক্ৰমণশীলতা, টিকাকৰণ, বুষ্টাৰ পালি। অৱশ্যে, গৱেষকসকলে উল্লেখ কৰিছে যে, কোৰোণা ভাইৰাছৰ এটা সম্ভাৱ্য নতুন প্ৰকাৰে সমগ্ৰ বিশ্লেষণৰ ওপৰত গুৰুতৰ প্ৰভাৱ পেলাব পাৰে।
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি