ঢথভফ : আইটবিপি একাডেমীৰ পেৰেড গ্ৰাউণ্ডত আয়োজিত আনুষ্ঠানিক পাছিং আউট পেৰেড আৰু শপত গ্ৰহণ অনুষ্ঠানত এই নতুন বিষয়াসকলে দেশৰ সেৱাত নিজকে সমৰ্পিত কৰাৰ বাবে প্ৰতিজ্ঞাবদ্ধ হয়।
ঢথভফ : আইটবিপি একাডেমীৰ পেৰেড গ্ৰাউণ্ডত আয়োজিত আনুষ্ঠানিক পাছিং আউট পেৰেড আৰু শপত গ্ৰহণ অনুষ্ঠানত এই নতুন বিষয়াসকলে দেশৰ সেৱাত নিজকে সমৰ্পিত কৰাৰ বাবে প্ৰতিজ্ঞাবদ্ধ হয়।
ITBPৰ ৩৮ জনীয়া যুৱ চিকিৎসকৰ এটা দলে ২৪ সপ্তাহৰ প্ৰাথমিক প্ৰশিক্ষণ সম্পূৰ্ণ কৰিছে। সহকাৰী কমাণ্ডেণ্ট/চিকিৎসা বিষয়াৰ এটা গোটৰ বাবে ৰাজপত্ৰিত বিষয়াৰ কম্বেটাইজেচন পাঠ্যক্ৰমৰ অধীনত প্ৰশিক্ষণ সম্পূৰ্ণ কৰিছে।
আইটবিপি একাডেমীৰ পেৰেড গ্ৰাউণ্ডত আয়োজিত এক আনুষ্ঠানিক পাছিং আউট পেৰেড আৰু শপত গ্ৰহণ অনুষ্ঠানত এই নতুন বিষয়াসকলে দেশৰ সেৱাত নিজকে সমৰ্পিত কৰাৰ বাবে প্ৰতিজ্ঞাবদ্ধ হয়। আইটিবিপিৰ মহানিৰ্দেশক সঞ্জয় অৰোৰাই যুৱ চিকিৎসকসকলক ৰেংক দিছিল। এই প্ৰশিক্ষণৰ আৰম্ভণি আৰু মাজভাগত ১৪ গৰাকী মহিলা চিকিৎসকসহ এই চিকিৎসা বিষয়াসকলে নতুন দিল্লীৰ চৰ্দাৰ পেটেল কোভিড কেয়াৰ চেণ্টাৰ (SPCCC)ৰ কৰ্তব্যত কোভিড-19 (Covid-19)ত আক্ৰান্ত ৰোগীক সেৱা আগবঢ়াইছে।
কোভিড-19-ৰ প্ৰথম আৰু দ্বিতীয় ঢৌৰ সময়ত, আইটিবিপিৰ দ্বাৰা পৰিচালিত SPCCCয়ে ১৩ হাজাৰৰ অধিক কোভিড-19 ৰোগীৰ চিকিৎসা কৰিছে। এই চিকিৎসকসকলে কোভিড-19 কৰ্তব্য সম্পাদন কৰাৰ পিছত আৰু এই বিশাল কোভিড কেন্দ্ৰৰ অভিজ্ঞতা লাভ কৰাৰ পিছত প্ৰশিক্ষণ সম্পূৰ্ণ কৰিবলৈ একাডেমীলৈ উভতি আহিছিল। এই দৃষ্টান্তমূলক সেৱাৰ বাবে প্ৰশিক্ষাৰ্থী বিষয়াসকলক প্ৰশিক্ষণকালত মহানিৰ্দেশকৰ সন্মানীয় উদ্ধৃতি (Citation) আৰু প্ৰতীক প্ৰদান কৰা হৈছিল।
এই বিষয়াসকলক বিভিন্ন শাখা যেনে ৰণ কৌশল, অস্ত্ৰ সঞ্চালন, শাৰীৰিক প্ৰশিক্ষণ, বুদ্ধিমত্তা, ক্ষেত্ৰ অভিযান্ত্ৰিক, মানচিত্ৰ পঢ়া, প্ৰশাসন, আইন আৰু মানৱ অধিকাৰ আদি বিষয়ত প্ৰশিক্ষণ দিয়া হৈছিল, যিয়ে তেওঁলোকক চিকিৎসা বিষয়া হিচাপে তেওঁলোকৰ কৰ্তব্য পালনৰ প্ৰশিক্ষণ দিছিল আৰু লগতে আইটবিপিৰ কাৰ্যকলাপ অনুসৰি আইটিবিপিত দায়িত্ব পালন কৰিবলৈও সক্ষম কৰি তুলুছিল।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|