দিল্লীৰ কেজৰিৱাল চৰকাৰে দিল্লীৰ চৰকাৰী আৰু প্ৰাইভেট হাস্পতালত কেৱল দিল্লীৰ বাসিন্দাসকলৰহে চিকিৎসাৰ অনুমতি প্ৰদান কৰিছে। মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত ইতিমধ্যে ঘোষণা কৰি থৈছে।
দিল্লীৰ কেজৰিৱাল চৰকাৰে দিল্লীৰ চৰকাৰী আৰু প্ৰাইভেট হাস্পতালত কেৱল দিল্লীৰ বাসিন্দাসকলৰহে চিকিৎসাৰ অনুমতি প্ৰদান কৰিছে। মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত ইতিমধ্যে ঘোষণা কৰি থৈছে।
দিল্লীত ধাৰাবাহিকভাৱে বৃদ্ধি পোৱা কোৰোণা সংক্ৰমণৰ কেছৰ কাৰণে দিল্লীৰ হাস্পতালত এতিয়াৰ পৰা কেৱল দিল্লীবাসীৰহে চিকিৎসা হ’ব। দিল্লীত ইতিমধ্যে কোৰোণা ৰোগীৰ সংখ্যা ২৮হাজাৰ অতিক্ৰম কৰিছে। ইয়াৰ মাজতে দিল্লীৰ স্বাস্থ্য বিভাগে এক আদেশ জাৰি কৰিছে। এই আদেশ অনুসৰি দিল্লীবাসীয়ে এতিয়াৰ পৰা হাস্পতালত চিকিৎসাৰ কাৰণে কিছু নথি–পত্ৰ দেখুৱাব লাগিব আৰু তাৰ পিছতহে চিকিৎসা হ’ব। মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত আগতীয়াকৈ ঘোষণা কৰি থৈছে। ইয়াৰ পিছতে দিল্লীৰ স্বাস্থ্য বিভাগে ইয়াৰ সৈতে জৰিত বিস্তৃত আদেশ প্ৰদান কৰিছে।
এই আদেশ অনুসৰি দিল্লীৰ চৰকাৰী হাস্পতাল আৰু প্ৰাইভেট হাস্পতালত এতিয়াৰ পৰা কেৱল দিল্লীবাসীৰহে চিকিৎসা চলিব। অৱশ্যে বাহিৰৰ পৰা অহা ৰোগীয়ে ট্ৰান্সপ্লাণ্ট, অনক’লজি, ন্যুৰ’ চাৰ্জাৰীৰ দৰে স্পেচিয়েলাইজড চিকিৎসাৰ সুবিধা লাভ কৰিব। ইয়াৰ লগতে দুৰ্ঘটনা আৰু এচিড এটেকত আহত দিল্লীৰ বাহিৰ ব্যক্তিয়েও হাস্পতালত চিকিৎসা কৰিব পাৰিব।
এইসমূহ নথিৰ প্ৰয়োজন হ’ব
চিকিৎসা কৰাবলৈ যোৱা ব্যক্তিয়ে ভোটাৰ আইডি, কিষাণ বা পোষ্ট অফিচৰ চলিত পাচবুক দেখুৱাব লাগিব। সেইদৰে ৰেচন কাৰ্ড, পাচপ’ৰ্ট, ড্ৰাইভিং লাইচেন্স বা ইনকাম টেক্স ৰিটাৰ্ণৰ কাগজ পত্ৰও চলিব।
ইয়াৰ বাহিৰে ৰোগী বা তেওঁৰ কোনো আত্মীয়ৰ নামত পানী, বিজুলী, ফোন বা গেচৰ কানেকশ্যনৰ বিল, সংশ্লিষ্ট ৰোগীৰ ঠিকনাত অহা ডাক বিভাগৰ পৰা পোৱা কোনো চিঠি, নাবালক হ’লে তেওঁৰ অভিভাৱকৰ নামত থকা ওপৰৰ যিকোনো নথিৰ আৰু ৭জুন ২০২০ৰ পূৰ্বে প্ৰস্তুত কৰা আধাৰ কাৰ্ড মান্য হ’ব।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|