কিমান ভয়ংকৰ হ’ব পাৰে! মাত্ৰ ২০ মিনিটতে এজন লোকৰ পৰা চাৰিজনলৈ বিয়পিল কোৰোণা ভাইৰাছ

News18 Assam | News18-Assam
Updated:March 25, 2020, 8:39 PM IST
কিমান ভয়ংকৰ হ’ব পাৰে! মাত্ৰ ২০ মিনিটতে এজন লোকৰ পৰা চাৰিজনলৈ বিয়পিল কোৰোণা ভাইৰাছ
কেৰালাৰ কাছৰগোডৰ পৰা আহিছে এক চাঞ্চল্যকৰ খবৰ।

কেৰালাৰ কাছৰগোডৰ পৰা আহিছে এক চাঞ্চল্যকৰ খবৰ।

  • Share this:
দেশত কোৰোণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাইছে। এনে সময়তে কেৰালাৰ কাছৰগোডৰ পৰা আহিছে এক চাঞ্চল্যকৰ খবৰ। দ্য নিউজ মিনিটৰ এক ৰিপ’ৰ্ট অনুসৰি কাছৰগোডত বুধবাৰে কালেক্টৰ ডি ছাজিথ বাবুৱে কোৰোণা ভাইৰাছক লৈ এক ডাঙৰ মন্তব্য কৰে। তেওঁ কয় যে কোৰোণা ভাইৰাছ কেৱল ২০ মিনিটতে এজন লোকৰ পৰা চাৰিজনলৈ বিয়পিছে।

বাবুৱে কয় যে লোকজনে ১৬ মাৰ্চত ডুবাইৰ পৰা কাছৰগোডলৈ আহিছিল। লোকজনে পৰীক্ষাৰ বাবে নমুনা দিয়ে আৰু তেওঁক আইছ’লেচনত থকাৰ বাবে ঘৰলৈ পঠিয়াই দিয়া হয়। ইয়াৰ পিছত তেওঁ ঘৰত ২০ মিনিটৰ বাবে মাতৃ, পত্নী আৰু সন্তানক সাক্ষাৎ কৰে যিসকলক ২০ মাৰ্চত কোভিড–১৯ পজিটিভ বুলি নিশ্চিত কৰা হয়। লোকজনৰ এজন বন্ধু যিয়ে তেওঁক বিমানবন্দৰলৈ আনিবলৈ গৈছিল তেওঁ আক্ৰান্ত হৈছে কোৰোণাত। সকলো আক্ৰান্তকে বৰ্তমান আইছ’লেচনত ৰখা হৈছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি