ভাৰত আহি পালেহি মৃত্যুদূত! চীনৰ মাৰাত্মক কোৰোণা ভাইৰাছত সংক্ৰমিত দুজন ভাৰতীয়

News18 Assam | News18-Assam
Updated:January 24, 2020, 3:24 PM IST
ভাৰত আহি পালেহি মৃত্যুদূত! চীনৰ মাৰাত্মক কোৰোণা ভাইৰাছত সংক্ৰমিত দুজন ভাৰতীয়
ফাইল ফটো

চীনত মহামাৰীৰ দৰে বিয়পিছে কোৰোণা ভাইৰাছ। এইপৰ্যন্ত ৯জনৰ মৃত্যু আৰু ৪৪০জন লোক সংক্ৰমিত হৈছে। 

  • Share this:
কোৰোণা ভাইৰাছে ভাৰততো সংক্ৰমণ কৰাক লৈ এতিয়া আতংকৰ সৃষ্টি হৈছে। মুম্বাইত দুজনকৈ সংক্ৰমিত লোকক কস্তুৰবা হাস্পতালৰ ৱাৰ্ডত ভৰ্তি কৰোৱা হৈছে। কস্তুৰবা হাস্পতালৰ স্বাস্য বিষয়াৰ মতে দুয়োজন ৰোগীৰে চৰ্দি আৰু জ্বৰৰ লক্ষণ প্ৰকট হৈছে। আগশাৰীৰ ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশ পাইছে এই তথ্য।

চীনত অতি ভয়ংকৰ ৰূপ ধাৰণ কৰিছে কোৰোণা ভাইৰাছে। এই মাৰাত্মক ভাইৰাছৰ কাৰণে এইপৰ্যন্ত ২৬জন লোকৰ মৃত্যু হৈছে আৰু ৮৩৫জন লোক সংক্ৰমিত হৈছে। বেইজিং স্বাস্থ্য আয়োগৰ উপ মন্ত্ৰী লি বিনে কয় যে, কোৰোণা ভাইৰাছৰ সংক্ৰমণ হ’লে প্ৰথম ব্যক্তিজনে উশাহ লওঁতে কষ্ট পায়, ডিঙিৰ বিষ, কাঁহ আৰু জ্বৰ হয়। বৰ্তমান এই ভাইৰাছৰ ভেকচিন প্ৰস্তুত কৰাৰ চেষ্টাহে কৰা হৈছে। সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে কেইবাখনো চহৰ। মানুহ ঘৰৰ ভিতৰতে আৱদ্ধ হৈ আছে। বুহান সহ বহুকেইখন চহৰ সংক্ৰমণ ৰোধ কৰিবলৈ বন্ধ কৰি দিয়াৰ ফলত আৱদ্ধ হৈ পৰা লোকৰ মাজত ৭০০ৰো অধিক ভাৰতীয় ছাত্ৰও আছে।

চীনৰ পৰা উভতি অহা লোক দুজন কোৰোণা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে। দুয়োজন ৰোগীৰ বিষয়ে হাস্পতাল কৰ্তৃপক্ষই বৰ বিশেষ তথ্য প্ৰকাশ কৰা নাই। কোৰোণা ভাইৰাছৰ সংক্ৰমণ আঁতৰাই ৰাখিবলৈ হাস্পতালত পৃথক ৱাৰ্ডৰ ব্যৱস্থা কৰা হৈছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি